গ্ৰীষ্মকালেই হওক বা শীতকালেই হওক, তিয়ঁহ হৈছে এনে এবিধ পাচলি, যিটো মানুহে শৰীৰ হাইড্ৰেটেড কৰি ৰাখিবলৈ খায়।
কিন্তু ইয়াৰ লগত পানী খোৱাৰ কথা আহিলে প্ৰায়ে মানুহৰ মনত প্ৰশ্ন উত্থাপন হয় যে তিয়ঁহ খোৱাৰ লগে লগে পানী খোৱাটো উচিত নে?
কোনো কোনো লোকৰ মতে ইয়াৰ কোনো পাৰ্থক্য নাই, আন কোনোৱে কয় যে ইয়াৰ ফলত পেটত গেছ, বিষ বা পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। এই বিষয়ত খাদ্য বিশেষজ্ঞ প্ৰিয়া পলানে কয় যে শসা খোৱাৰ লগে লগে পানী খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। ইয়াৰ কাৰণ কি আৰু সঠিক পথ কি জানো আহক-
তিয়ঁহত প্ৰায় ৯৫% পানী থাকে, অৰ্থাৎ ই নিজেই হাইড্ৰেটেট খাদ্য। ইয়াক খালে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী আৰু খনিজ পদাৰ্থ লাভ কৰে। এনে পৰিস্থিতিত যদি আমি তিয়ঁহ খোৱাৰ লগে লগে পানী খাঁও, তেন্তে শৰীৰত অতিৰিক্ত পানী জমা হ’ব পাৰে, যাৰ বাবে পেটত গধুৰ অনুভৱ হয় আৰু পাচনতন্ত্ৰত চাপ পৰে।
আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰা তিয়ঁহ আৰু পানী একেলগে সেৱন কৰিলে শৰীৰত ঠাণ্ডা বৃদ্ধি পায়, যাৰ ফলত ঠাণ্ডা আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।
তিয়ঁহ খোৱাৰ পিছত কমেও ২০ৰ পৰা ৩০ মিনিট পানী সেৱনৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত পাচনতন্ত্ৰই তিয়ঁহ সঠিকভাৱে হজম কৰিবলৈ সময় পাব আৰু শৰীৰৰ কোনো ক্ষতি নহ’ব। পিয়াহ লাগিলে কুহুমীয়া পানী বা সাধাৰণ পানী সেৱন কৰিব পাৰে, কিন্তু ঠাণ্ডা পানী প্ৰচুৰ পৰিমাণে সেৱনৰ পৰা বিৰত থাকিব লাগে।