আয়তীয়ে দিছে উৰুলি। বিয়ানাম জুৰিছে সকলোৱে। কইনাক নোৱাবলৈ পানী তুলি আনিছে আয়তীয়ে। দুগৰাকী পুৰোহিতৰ দ্বাৰা বেদৰ মন্ত্ৰ উচ্চাৰণ কৰি গাঁৱৰ অগণন ৰাইজৰ উপস্থিতিত হোম-যঞ্জ সম্পন্ন কৰি বিয়া সম্পূৰ্ণ হয়।
প্ৰাকৃতিক খৰাং পৰিস্থিতিৰ উদ্ধৱ হোৱাত কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। পানীৰ অভাৱত কৃষি মাটিৰ চিৰাল ফাঁট মেলাত কৃষি-শস্য নষ্ট হ’ব ধৰিছে। সেয়ে পুৰনি প্ৰবাদক সঁহাৰি জনাই গোলকগঞ্জৰ আগমনিৰ ঝাপুছাবাৰীত ৰাইজে হিন্দু ধৰ্মৰ ৰীতি নিয়মেৰে পাতিলে ভেঁকুলীৰ বিয়া।
নিশা ন বজাৰ পৰা বাৰ বজালৈ আয়োজিত এই বিয়াখনত ৰাইজে দৰা কইনাক আশীৰ্বাদ দিয়াৰ লগতে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰে। ৰাইজৰ বিশ্বাস যে, ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হৈ ধৰালৈ বৰষুণ আনিব। সেয়ে গাঠিৰ ধন ব্যয় কৰি গাওঁবাসীয়ে পাতি দিয়ে ভেকুলীৰ বিয়া।