ঝাৰখণ্ডৰ গুমলা জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিষিদ্ধ সংগঠন ঝাৰখণ্ড জন মুক্তি পৰিষদৰ তিনিজন উগ্ৰপন্থী নিহত হৈছে। প্ৰায় পাঁচ ঘণ্টা ধৰি আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত চলিছিল এই এনকাউণ্টাৰ। এই এনকাউণ্টাৰত আৰক্ষীয়ে পুৰস্কৃত মাওবাদী দিলীপ লোহৰাকো হত্যা কৰিছে।
এই সংঘৰ্ষৰ পিছতেই নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰিছে।
উল্লেখ্য যে, গুমলাৰ আৰক্ষী অধীক্ষকে জেজেএমপিৰ কামাণ্ডাৰজনৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে এটা দল গঠন কৰি উক্ত অঞ্চলত অভিযান আৰম্ভ কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে গুমলা জিলাৰ ঘাঘৰা থানা এলেকাৰ এখন বনাঞ্চলত এই এনকাউণ্টাৰ সংঘটিত হয়। প্ৰায় পাঁচ ঘণ্টা ধৰি চলি থকা এই এনকাউণ্টাৰত আৰক্ষীৰ গুলীত মৃত্যু হয় মাওবাদী দিলীপ লোহৰাৰ লগতে আন দুজন মাওবাদী।
এই অভিযানক সফল ৰূপ দিয়া নিৰাপত্তাৰক্ষীৰ দলটোত ঝাৰখণ্ড জাগুৱাৰৰ লগতে তিনিখন থানা ক্ৰমে ঘাঘৰা, বিশনপুৰ আৰু গুমলা থানাৰ আৰক্ষী অন্তৰ্ভুক্ত আছিল।
আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীক দেখাৰ লগে লগে মাওবাদীয়ে প্ৰথমে গুলীচালনা আৰম্ভ কৰে। আৰক্ষীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়াত উগ্ৰপন্থী সংগঠনটোৰ তিনিজন সদস্য নিহত হয়। নিৰাপত্তাৰক্ষীৰ দলটোৱে AK 47 আৰু দুটা SLR ৰ উপৰি মাওবাদীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে।