শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্যুৰো অৱ লেবাৰ ষ্টেটিষ্টিকছ (বিএলএছ)ৰ আয়ুক্ত এৰিকা মেকএণ্টাইৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নোহোৱাকৈয়ে মাহেকীয়া নিয়োগ প্ৰতিবেদনত “ৰাজনৈতিক উদ্দেশ্যত” হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে।
এক প্ৰতিবেদন অনুসৰি জুলাই মাহৰ বিএলএছৰ প্ৰতিবেদনত দেখা গৈছে যে আমেৰিকাৰ অৰ্থনীতিত মাত্ৰ ৭৩ হাজাৰ চাকৰি বৃদ্ধি পাইছে, যিটো বিশ্লেষকসকলে আশা কৰাতকৈ বহু কম।
প্রতিবেদনত উল্লেখ কৰা হৈছে যে মে’ আৰু জুন মাহৰ পূর্বে ঘোষণা কৰা পৰিসংখ্যাত মুঠ ২.৫৮ লাখ চাকৰি কৰ্তন কৰা হৈছে৷ এই সংশোধনীৰ পিছত যোৱা তিনিমাহৰ নিযুক্তিৰ হাৰ মহামাৰীৰ পিছত আটাইতকৈ লেহেমীয়া গতিত উপনীত হৈছে। ইয়াক ষড়যন্ত্ৰ বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে, নিয়োগৰ পৰিসংখ্যা হেতালি খেলাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল যাতে ৰিপাব্লিকান আৰু ট্ৰাম্পৰ ক্ষতি হয়।
কিন্তু বিশেষজ্ঞসকলৰ মতে নিয়োগৰ পৰিসংখ্যা পুনৰীক্ষণ কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। বিএলএছৰ প্ৰাৰম্ভিক মাহেকীয়া অনুমান অসম্পূৰ্ণ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হয়, যিটো তাৰ পিছত দুবাৰ সংশোধন কৰা হয় আৰু ফেব্ৰুৱাৰী মাহত বাৰ্ষিক পুনৰীক্ষণ কৰা হয়। ইয়াৰ পিছতো শুকুৰবাৰে ট্ৰাম্পে এই সংশোধনীসমূহক “ভয়ংকৰ ভুল” বুলি অভিহিত কৰে।