কেৰালাৰ এৰনাকুলামত এগৰাকী ২৩ বছৰীয়া কিশোৰীয়ে আ*ত্ম*হ*ত্যা কৰে। ছুইচাইড নোটত তেওঁ কয় যে, তেওঁৰ প্ৰেমিক আৰু প্ৰেমিকৰ পৰিয়ালে তেওঁক অন্য ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।
এই কথাত বিৰক্ত হৈ যুৱতীজনীয়ে আ*ত্ম*হ*ত্যা কৰে। মৃত যুৱতীগৰাকী হৈছে এৰ্নাকুলামৰ কোথামংগলামৰ বাসিন্দা সোনা আলডজ। শনিবাৰে নিজ গৃহত মৃত অৱস্থাত উদ্ধাৰ হয় সোণাক, য’ৰ পৰা উদ্ধাৰ হয় এখন ছুইচাইড নোট।
ছুইচাইড নোটৰ ভিত্তিত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোণাৰ প্ৰেমিক ৰমীজক। সোণাক আ*ত্ম*হ*ত্যাৰ বাবে উচটনি দিয়াৰ লগতে শাৰীৰিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন হৈছে ৰমীজৰ বিৰুদ্ধে। ছুইচাইড নোটত সোণাই লিখিছে যে, ৰমীজে সোনাক ভাল নাপায় বুলি প্ৰমাণ কৰিলে। কোনো ধর্মীয় ৰীতি-নীতি অবিহনে তেওঁলোকে আদালতত বিবাহৰ বাবে সাজু হৈ আছিল যদিও ৰমীজে বিচাৰিছিল যে সোনাই ধৰ্মান্তৰকৰণ কৰক৷
সোণাৰ ভায়েক বেচিলে কয় যে, সোণা আৰু ৰমীজে কলেজত লগ পাইছিল। তেওঁ ধৰ্মান্তৰিত হ’বলৈ সাজু হৈছিল যদিও তিনিমাহ পূৰ্বে তেওঁলোকৰ পিতৃৰ মৃত্যু হৈছিল আৰু বিয়াখন এবছৰৰ বাবে পিছুৱাই দিয়া হৈছিল। বেচিলে অভিযোগ কৰে যে, চলিত মাহৰ আৰম্ভণিতে ৰমীজ চোৰাং ব্যৱসায়ৰ অভিযোগত ধৰা পৰিছিল, তাৰ পিছত সোণাই ধৰ্মান্তৰকৰণৰ মন সলনি কৰিছিল যদিও ৰমীজ এই কথাত অটল হৈ আছে।
ইয়াৰ পিছত ৰমীজে আদালতৰ বিবাহৰ অজুহাতত সোণাক নিজ গৃহলৈ লৈ যায় আৰু তাতেই সোণাক ধৰ্মান্তৰিত হ’বলৈ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে। সোণাই এই প্ৰস্তাৱ নাকচ কৰাত ৰমীজ আৰু তেওঁৰ পৰিয়ালৰ লোকে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাইছিল।
কেনেবাকৈ সোনা ৰমীজৰ ঘৰৰ পৰা ওলাই আহি নিজৰ ঘৰ পালেগৈ আৰু পৰিয়ালক তেওঁৰ এইবোৰ কথা কোৱাৰ পিছত নিজৰ জীৱন ত্যাগ কৰে। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সোণাৰ কোঠাৰ পৰাও এখন ছুইচাইড নোট উদ্ধাৰ কৰা হয়, যাৰ ভিত্তিত তেওঁৰ প্ৰেমিক ৰমীজক গ্ৰেপ্তাৰ কৰা হয় আৰু গোচৰৰ তদন্ত আৰম্ভ হয়।








