২৬ জুলাই অৰ্থাৎ আজিৰ পৰা ফ্ৰাঞ্চৰ ৰাজধানী তথা ঐতিহাসিক চহৰ পেৰিছত আৰম্ভ হ’ব ‘গ্ৰেটেষ্ট শ্ব’ অন দ্যা আৰ্থ’ অৰ্থাত অলিম্পিক। বিশ্বৰ সৰ্ববৃহৎ এই প্ৰতিযোগিতাখনৰ ফুটবল ইভেণ্ট ইতিমধ্যেই আৰম্ভ হৈছে ২৫ জুলাইৰ পৰা।
১১ আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব লগা খেলুৱৈ, প্ৰশিক্ষক, ষ্টাফৰ বাবে নিৰ্মাণ কৰা হৈছে গেম ভিলেজ।
প্ৰতিবাৰেই প্ৰতিখন আয়োজক দেশে অলিম্পিকৰ সময়ত গেম ভিলেজক সজাই তোলে অতি ব্যতিক্ৰমভাৱে। অলিম্পিকৰ অভিন্ন অংগ এই গেম ভিলেজৰ পৰাই আয়োজক দেশে সমগ্ৰ দেশলৈ প্ৰেৰণ কৰে তেওঁলোকৰ সভ্যতা, সংস্কৃতি, চিন্তা আৰু অত্যাধুনিক বিজ্ঞান মানসিকতাৰ বাৰ্তা।
১৯২৪ চনত পেৰিছ অলিম্পিক স্থলত আৰম্ভ হোৱা সামাজিক বৈঠকেই পৰৱৰ্তী সময়ত গেম ভিলেজলৈ ৰূপান্তৰ হয়।
অলিম্পিকক এক নতুন ৰূপ দিয়া এই গেম ভিলেজৰ ইতিহাস হৈছে অতি আকৰ্ষণীয়। একমাত্ৰ এজন ব্যক্তিৰ প্ৰচেষ্টাতেই অলিম্পিকত অংশ হৈছিল সামাজিক বৈঠক, যি পাছলৈ হয় গৈ গেম ভিলেজ।
গেম ভিলেজৰ বিষয়ে এই চিন্তাৰ বীজ যিগৰাকী ব্যক্তিয়ে ৰোপণ কৰিছিল, তেওঁ হিটলাৰ বিৰুদ্ধেও গৰজি উঠিবলৈ সাহস কৰিছিল। নিজ দেশক প্ৰতিনিধিত্ব কৰি তেওঁ বিশ্বৰ অগণন ক্ৰীড়াবিদৰ উচ্চতম আকাংক্ষা অলিম্পিকত পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। সকলো প্ৰতিযোগিৰে অলিম্পিক প্ৰতিযোগিতাৰ স্থলি হৈছে তেওঁলোকৰ বাবে মন্দিৰ, মছজিদ, গীৰ্জা সকলো। অলিম্পিকৰ মঞ্চত তেওঁলোকৰ ধৰ্ম এটাই- ‘খেল’।
এই প্ৰসিদ্ধ খেলুৱৈ গৰাকীৰ নাম হৈছে ফিলিপ ন’ৱেল। তেওঁ ১৯১২ চনত পোন প্ৰথমবাৰৰ বাবে ছুইডেন অলিম্পিক প্ৰতিযোগিতাত ভাগ লৈছিল। তেওঁ ১৫০০ মিটাৰ ইভেণ্টত অংশগ্ৰহণ কৰে যদিও ফাইনেলত উপনীত হৈও তেওঁ কোনো পদক লাভ কৰিব নোৱাৰিলে।
কিন্তু ১৯২০ চনৰ অলিম্পিকত তেওঁ স্বদেশক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। তাৰ পাছতেই তেওঁ অলিম্পিকৰ মঞ্চত আৰম্ভ কৰে এক বিশেষ কাৰ্যক্ৰম। সেয়া হৈছে ‘সামাজিক বৈঠক’।
বিভিন্ন দেশৰ খেলুৱৈৰ মাজত কথাৰ ভাগ বতৰাৰ জৰিয়তে, নিজ নিজ দেশৰ সাংস্কৃতিক, সামাজিক আদি দিশবোৰ ভাগ বাটোৱাৰা কৰাৰ বাবেই এই সামাজিক বৈঠক গঠন কৰা হয়। এই সামাজিক বৈঠকৰ পৰাই আৰম্ভ হয় গেম ভিলেজৰ চিন্তা। যি চিন্তাই পৰিপক্কতা লাভ কৰে ১৯৩২ চনৰ লছ এঞ্জেলেছ অলিম্পিকত।
অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে লছ এঞ্জেলেছ অলিম্পিকতেই সংযুক্ত হয় এই গেম ভিলেজ। যি গেম ভিলেজত এখন দেশৰ খেলুৱৈয়ে আন এখন দেশৰ খেলুৱৈৰ লগত সংস্কৃতিৰ বিনিময় কৰে, ভাবৰ আদান প্ৰদান কৰে। এই গেম ভিলেজতেই বিশ্বৰ সকলো প্ৰান্তৰ খেলুৱৈয়ে একেলগে বাস কৰে।