নেপালৰ ৰক্তাক্ত প্ৰতিবাদৰ পিছত এইবাৰ জ্বলিছে ফ্ৰান্স। চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। বুধবাৰে দেশখনৰ ৰাজধানী পেৰিছত প্ৰতিবাদে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি প্ৰতিবাদকাৰীসকলে অৱৰোধ কৰিছে ৰাজপথ। বিভিন্ন স্থানত অগ্নিকাণ্ড আৰু আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীয়ে সংঘাতত লিপ্ত হোৱাৰো খবৰ আহিছে।
আচলতে ফ্ৰান্সৰ জনসাধাৰণে ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকলে কয় যে মেক্ৰন চৰকাৰে তেওঁলোকৰ বাবে কোনো কাম কৰা নাই। চৰকাৰৰ পৰা জনসাধাৰণে আশা কৰিছে যে জীৱন ধাৰণৰ মান উন্নত হ’ব, কিন্তু আৰ্থিক ব্যৱস্থাপনা দুৰ্বলতাই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। প্ৰস্তাৱিত বাজেট কৰ্তনৰ বাবেও ক্ষুব্ধ হৈ পৰিছে জনসাধাৰণ।
প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতেই ফ্ৰান্সৰ ৰাজপথত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অৱশ্যে প্ৰতিবাদৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই দেশখন।
নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ পিছতে বহু প্ৰতিবাদকাৰীক আটক কৰি জেইলত ভৰোৱা হৈছে আৰু বিভিন্ন স্থানত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হোৱা বুলিও খবৰ আহিছে।