আমেৰিকাসহ নাটো দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ ভাৰতৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ চিন্তা-চৰ্চা কৰি থকাৰ মাজতে এইবাৰ যুদ্ধবিধ্বস্ত ইউক্ৰেইনে ভাৰতক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।
ইউক্ৰেইনৰ শক্তি পৰামৰ্শদাতা এনকোৰে সোমবাৰে ঘোষণা কৰে যে ইউক্ৰেইনে অহা ১ অক্টোবৰৰ পৰা ভাৰতৰ পৰা ডিজেল ক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰিব।
সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি এনকোৰে কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা বহু পৰিমাণে খাৰুৱা তেল ক্ৰয় কৰে, সেয়ে ইউক্ৰেইনে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।
এনকোৰে কয় যে ৰাছিয়াই ইউক্ৰেইনৰ তেল শোধনাগাৰক ড্ৰ’ন আৰু মিছাইলেৰে লক্ষ্য কৰি লৈছে। কোম্পানীটোৰ মতে, ইউক্ৰেইনৰ নিৰাপত্তা সংস্থাই তেওঁলোকক ভাৰতৰ পৰা অহা সকলো ডিজেলৰ চালান পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে যাতে ৰাছিয়াৰ উপাদান ধৰা পেলাব পৰা যায়।
উল্লেখ্য যে, মধ্যপ্ৰাচ্যতকৈ সস্তা হোৱাৰ বাবেই ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আহিছে। দুয়োটা অঞ্চলৰ মাজত দামৰ বৃহৎ পাৰ্থক্য দেখা যায়। শেহতীয়াকৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কাৰ্য় অব্যাহত ৰখাৰ বাবেই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।