চিৰনিদ্ৰাত জুবিন। সৰুসজাইত লাখ লাখ অনুৰাগীৰ উচুপনি উঠিছে। জুবিন গাৰ্গৰ শেষকৃত্যলৈ মাজত আছে মাত্ৰ কেইটামান ঘণ্টা। হাজাৰ হাজাৰ লোকে কান্দি কান্দি বিদায় দিছে প্ৰিয় শিল্পীগৰাকীক।
প্ৰাণৰ শিল্পীগৰাকীলৈ লক্ষ লক্ষ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি অপৰ্ন কৰিছে। কোনেও যেন এক মুহূৰ্তৰ বাবেও এৰিব বিচৰা নাই অসমীয়াৰ আপোন শিল্পীজনক। দিন পিছত ৰাতি হৈছে, কিন্তু সৰুসজাইৰ পৰিৱেশ সেই একেই আছে। হাজাৰ হাজাৰ অনুৰাগীয়ে মৰমৰ জুবিনক চাবলৈ ভিৰ কৰিছে।
কাইলৈ সোণাপুৰত সম্পন্ন হ’ব জুবিন গাৰ্গৰ শেষকৃত্য। কিদৰে, কেনেকৈ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব সেই সন্দৰ্ভত ইতিমধ্য প্ৰস্তুতি চলাই থকা হৈছে। ২২ আৰু ২৩ ছেপ্তেম্বৰত সুৰাৰ বিপণী বন্ধ থাকিব বুলি জানিবলৈ দিয়ে। কামৰূপ মহানগৰ প্ৰশাসনে জনালে এই কথা। ইফালে বীৰ লাচিত সেনাইও সকীয়নি দিছে যে, জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত কোনো হোটেল, পাব বা ৰেষ্টোৰাত ডাঙৰ ডাঙৰ বিকট ভলিউম বজাই বা অৰ্ধ উলংগ নৃত্য কৰা আজৱ সংস্কৃতি নচলিব বুলি সকীয়নি দিছে।












