অসমবাসীৰ সৈতে আজি অন্তিমটো দিন মহানায়ক জুবিন গাৰ্গৰ। সোণাপুৰৰ কমাৰকুছিত ৰঙা চন্দনত সম্পন্ন হব মহানায়কৰ শেষকৃত্য। প্ৰাণৰ শিল্পীগৰাকীক সৎকাৰ কৰা হ’ব ৰঙা চন্দন কাঠেৰে। ইতিমধ্য সকলো সাজু কৰা হৈছে সোণাপুৰৰ কমাৰকুছিত।
আৰু কেইমিনিটমানৰ পিছতে GMCHৰ মৰ্গৰ পৰা সৰুসজাইলৈ পুনৰ যাত্ৰা আৰম্ভ কৰিব জুবিন গাৰ্গৰ স্বৰ্গৰথে। GMCHৰ বাহিৰত উঠিছে কান্দোনৰ ৰোল। সৰুসজাইৰ পৰা সোণাপুৰলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ স্বৰ্গৰথ।
ৰঙা চন্দনৰ উত্তাপত এইখন চিতাতেই পঞ্চভূতত বিলীন হ’ব মহানায়ক। ভগ্নী পালমী বৰঠাকুৰে কৰিব মুখাগ্নি। পুৰোহিত পংকজ শৰ্মা, তুষাৰ ভাগৱতীৰ মন্ত্ৰোচ্চাৰণেৰে চিতাত জুই দিব চন্দাল ধৃতিমালা ডেকা, জয়ন্ত বৰুৱা, ললিত নাথ, হিৰণ্য দাসে।












