জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাইছে লাখ লাখ জনতাই। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অসমৰ প্ৰতিজন সৰৱ হৈ পৰিছে।
ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰিছে বহুলোকে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত উত্তাল প্ৰতিবাদ আৰম্ভ কৰিছে ছাত্ৰ সমাজে।
‘নৰ্থ ইষ্ট ফেষ্টিভেললৈ কোনে লৈ গৈছিল জুবিন গাৰ্গক? আমাৰ শিল্পীক ছিংগাপুৰলৈ নি সুৰক্ষা কিয় দিব নোৱাৰিলে’ বুলি সকলোৱে প্ৰতিবাদ আৰম্ভ কৰিছে। জুবিন গাৰ্গৰ তদন্ত বিচাৰি উত্তাল হৈ পৰিছে শিৱসাগৰৰ ৰাজপথ।
ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বীৰ লাচিত সেনাইয়ো এজাহাৰ দাখিল কৰিছে। দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ। এই এজাহাৰত সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, শ্যামকানূ মহন্তৰ আন এজনৰ নাম উল্লেখ আছে। অতিশীঘ্ৰেই এই কেইজনলোকক গ্ৰেপ্তাৰৰ দাবী জনাইছে বীৰ লাচিত সেনাই।আনহাতে বিষয়টোক লৈ গৰিমা গাৰ্গক একো নক’বলৈ হাতজোৰ কৰি অনুৰোধ জনাই বীৰ লাচিত সেনাই। তাৰ পৰিৱৰ্তে সঠিক ন্যায়ৰ বাবে এজাহাৰ দাখিলৰ আহ্বান কৰিছে।












