ৰাজকীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱাৰ এদিন পিছতেই অৰ্থাত বুধবাৰে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু তেওঁৰ পত্নী কুমুদ দেৱীয়ে প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যপালগৰাকীয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, পিতৃ মোহিনী মোহন বৰঠাকুৰৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জনি জ্ঞাপন কৰি ৰাজ্যপালগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যু দেশবাসীৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।
কায়িকভাৱে শিল্পীগৰাকী আমাৰ মাজত নাথাকিলেও তেওঁৰ সৃষ্টি সদায় আমাৰ মাজত থাকিব আৰু অহা প্ৰজন্মক তেওঁ অনুপ্ৰেৰণা যোগাব বুলিও মন্তব্য কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।












