চৰকাৰী অনুষ্ঠানত এতিয়াৰে পৰা নচলিব মাছ-মাংস। নিৰামিষ আয়োজন কৰিব লাগিব চৰকাৰী অনুষ্ঠানত। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে এই কথা। চৰকাৰী অনুষ্ঠানত নিৰামিষ খাদ্য যোগাৰ কৰিবৰ বাবে পূৰ্বৰে পৰাই নিৰ্দেশনা প্ৰদান কৰা হৈছিল। তথাপিও চৰকাৰী অনুষ্ঠানত মাছ-মাংস যোগাৰ কৰা হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, মই মাংস নাখালেও আপোনালোকে যোগাৰ কৰে আৰু প্ৰচাৰ হৈ যায় কেবিনেটত খাদ্যৰ তালিকাৰ বাতৰি। গতিকে এইবাৰৰ পৰাৰ কেবিনেট বুলিয়ে নহয় কোনো চৰকাৰী বৈঠকত আমিষ খাদ্য চলিব নালাগে। এয়া মোৰ নিৰ্দেশ। কোনোবা মন্ত্ৰী বিধায়কৰ খাবলৈ মন থাকিলে ধাবাত সোমাই খালেই হ’ল।
গুৱাহাটীত অনুষ্ঠিত হোৱা আয়ুক্ত সন্মিলনত এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে, কেইবাটাও বিষয় অৱগত কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আয়ুক্তক বিশেষভাৱে এক নিৰ্দেশনা প্ৰদান কৰে। ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ উপায়ুক্তই অইল ইণ্ডিয়া আৰু চাহ বাগানক গুৰুত্ব দিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
ইফালে, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ আয়ুক্তক সীমান্তত সময় দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে, চিৰাং, বাক্সা, তামুলপুৰৰ আয়ুক্তক ভূটানৰ সৈতে সম্পৰ্ক উন্নতকৰণৰ বাবে নিৰ্দেশ প্ৰদান কৰে।
আনহাতে মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত উদ্দ্যেশি কয়, ২ অক্টোবৰত উপ-জিলা আৰম্ভ কৰা হ’ব আনুষ্ঠানিকভাৱে। কামৰূপ জিলাৰ ২ খন উপ-জিলা থাকিব। একেদৰে, ৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যৰ পঞ্চায়তত নতুন কমিটিয়ে দায়িত্ব ল’ব পৰাকৈ সকলো আয়ুক্তক দিহা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।