চতুৰ্থ বাৰৰ বাবে CID কাৰ্যালয়ত উপস্থিত হৈছে শেখৰজ্যোতি গোস্বামী। ১ঘণ্টাৰ ভিতৰত CIDৰ কাৰ্যালয়ত শেখৰজ্যোতিক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। আকৌ SIT-এ জেৰা চলাব জুবিনৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক। তৎকালীনভাবে হাজিৰ হ’বলৈ CID-এ নিৰ্দেশ দিছে শেখৰজ্যোতিক।
আকৌ জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গকো আজি ২য় বাৰৰ বাবে জেৰা চলাইছে SIT-য়ে। এই জেৰাত ইতিমধ্যে মুখ খুলিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।
১৮ ছেপ্তেম্বৰত জুবিনৰ সৈতে ওৰে নিশা পাৰ্টি কৰি পিছদিনা সাগৰলৈ গৈছিল শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ। ইফালে আকৌ CIDৰ জেৰাত বহু বিস্ফোৰক তথ্য দিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।










