লকআপৰ ভিতৰত মানসিক অশান্তিত ভুগিছে বেপাৰী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। লকআপৰ ভিতৰত খাবলৈ, শুবলৈ পৰা নাই শ্যামকানু আৰু সিদ্ধাৰ্থই।
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বাবে ইতিমধ্যে বাহিৰৰ খাদ্য নিষিদ্ধ কৰা হৈছে। ঔষধ-কাপোৰকে ধৰি যিকোনো সামগ্রী লকআপৰ ভিতৰলৈ নিয়াত বাধা প্ৰদান কৰিছে CID য়ে।
শ্যামকানুৰ বাবে পত্নীয়ে লৈ গৈছিল ঘৰত ৰন্ধা খাদ্য। ঘৰত ৰান্ধি লৈ যোৱা খাদ্য শ্যামকানুক দিয়াত বাধা প্ৰদান কৰে CIDয়ে। কাৰ্যালয়ৰ বাহিৰতে পৰি থাকে সেই খাদ্যসমূহ। আনকি অভিযুক্তৰ আত্মীয়ই খবৰ ল’বলৈ আহিলেও সাক্ষাতৰ সুবিধা দিয়া হোৱা নাই।
CID থানাৰ দুটা পৃথক কোঠাৰ লকআপত ৰখা হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থক। SITৰ বিষয়াই পৃথকে পৃথকে জেৰা চলাই আছে এই দুই অভিযুক্তক। উলুবাৰীৰ CID কাৰ্যালয়ত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।










