ৰাজস্থানত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ৰাজ্যখনৰ ছীকাৰত এটা পৰিয়ালৰ ৫ জন সদস্যই আত্মহত্যা কৰাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহ উদ্ধাৰ হোৱা ফ্লেটটো বিগত প্ৰায় এসপ্তাহ ধৰি বন্ধ হৈ থকা বুলি জানিব পৰা গৈছে।
অতি বেদনাদায়ক এই ঘটনাটো ছীকাৰৰ অনিৰুদ্ধ ৰেছিডেন্সিত সংঘটিত হোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰতিবেদন প্ৰকাশ পাইছে।
ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, প্ৰায় এসপ্তাহ ধৰি বন্ধ হৈ থকা ফ্লেটটোৰ ভিতৰৰ পৰা যেতিয়া দুৰ্গন্ধ আহিবলৈ ধৰে, তেতিয়াই সমীপবাসীৰ মাজত সন্দেহ ওপজে। ইয়াৰ পিছতে ৰাইজে আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তাত উপস্থিত হৈ ফ্লেটটো খুলিবলৈ চেষ্টা কৰে।
ফ্লেটটো খুলি যেতিয়া আৰক্ষীৰ দলটো ভিতৰত প্ৰৱেশ কৰে, তেতিয়া তেওঁলোক হতভম্ব হৈ পৰে। ফ্লেটটোৰ ভিতৰত পাঁচটা মৃতদেহ আছিল। মৃতদেহ কেইটা প্ৰায় গেলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা বুলি জনায়।
আৰক্ষীয়ে ফ্লেটটোৰ ভিতৰৰ পৰা প্ৰায় ১০টা বিহৰ পেকেট উদ্ধাৰ কৰে। ইয়াৰে আঠটা পেকেট আছিল খালী। মৃত লোক কেইজনৰ ভিতৰত আছিল মাতৃ, তিনি পুত্ৰ আৰু এগৰাকী কন্যা।