শেখৰজ্যোতি-অমৃতপ্ৰভাৰ নতুন ঠিকনা কি হ’ব তাক লৈ চলিছে এতিয়া চৰ্চা। আৰু মাত্ৰ কিছু সময়। খন্তেক সময় পিছতেএই কথা স্পষ্ট হ’ব। কাৰাগাৰ অভিমুখে লৈ যোৱা হৈছে দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।
CJM আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ১৪ দিনৰ বাবে CID কাৰ্যালয়ত আছিল দুয়ো।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে সাতগাঁও সেনা ছাউনীৰ মাজেৰে লৈ যোৱা হৈছে অমৃতপ্ৰভা আৰু শেখৰক। এতিয়াও কোনখন জেলত ৰখা হ’ব দুয়োকে সেই কথা স্পষ্ট হোৱা নাই।