ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত ডাঙৰ গাফিলতিৰ সৃষ্টি হৈছে৷ ২২ অক্টোবৰত কেৰালাৰ লেণ্ডিং পেডত আৱদ্ধ হৈ পৰে ৰাষ্ট্ৰপতিগৰাকীক সবৰীমালা তীৰ্থযাত্ৰালৈ লৈ যোৱা হেলিকপ্টাৰখন।কথমপি প্ৰাণ ৰক্ষা পৰে ৰাষ্ট্ৰপতিগৰাকীৰ।
হেলিকপ্টাৰখনৰ চকা হেলিপেডত আৱদ্ধ হৈ পৰিল। সূত্ৰসমূহে জনোৱা মতে, শেষ মুহূৰ্তত নিৰ্মাণৰ কাম আৰম্ভ হৈছিল, যাৰ ফলত কংক্ৰিট আৰু চিমেণ্টৰ মিশ্ৰণ সম্পূৰ্ণৰূপে শুকুৱাব পৰা নাছিল।
ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ বাবে সবৰীমালাত হেলিপেড নিৰ্মাণৰ শেষ মুহূৰ্তৰ কাম সমাপ্ত হৈছিল। ২২ অক্টোবৰত পুৱা হেলিপেডটোৰ কংক্ৰিটৰ কাম সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, মঙলবাৰে (২১ অক্টোবৰ) সন্ধিয়া হেলিপেড নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল আৰু সেই নিশা পাইলটৰ নিৰ্দেশত কংক্ৰিট ঢালিবলৈ আৰম্ভ হৈছিল। ৰাতিপুৱালৈকে কাম সম্পূৰ্ণ হৈ উঠে যাতে ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰখন তাত অৱতৰণ কৰিব পাৰে।
অৱশ্যে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগে ইতিমধ্যে সকীয়াই দিছিল যে হেলিপেডটোৰ কংক্ৰিট সম্পূৰ্ণ শুকান হোৱা নাই, গতিকে হেলিকপ্টাৰখন তাত অৱতৰণ কৰিব নালাগে। পিছে এই সতৰ্কবাণীক আওকাণ কৰা হয়। উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ সবৰীমালা ভ্ৰমণৰ সময়ত পুৱা ৪ বজাত এই যাত্ৰা পথ অথবা বিমানেৰে হ’ব সেয়া স্পষ্টয়েই হোৱা নাছিল।