প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ ইতিমধ্যে এমাহ পাৰ হৈ গৈছে। পিছে এই অভাৱনীয় শোকৰ পৰা এইপৰ্যন্ত মুক্ত হ’ব পৰা নাই ৰাজ্যবাসী।
জুবিন ক্ষেত্রক লৈ প্রশাসনে জাৰি কৰি্ছে SOP। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকিব জুবিন ক্ষেত্র। কিন্তু নিশা ১০ বজাৰ পিছত প্রৱেশ নিষিদ্ধ জুবিন ক্ষেত্রত।
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছৰ পৰা প্ৰতিদিনেই সোণাপুৰৰ কমাৰকুছিৰ হাতীমুৰাত থকা সমাধিস্থলীলৈ সোঁত বৈছে অজশ্ৰ জনতাৰ। প্ৰতি দিনেই জুবিন ক্ষেত্ৰলৈ আগমন ঘটিছে হাজাৰ হাজাৰ অনুৰাগীৰ। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পনৰ উদ্দেশ্যে দিনে-নিশাই সমাধিস্থলীত থাকে জুবিন অনুৰাগীসকলে। প্ৰিয় শিল্পী গৰাকীৰ শ্ৰদ্ধা জনাই কোনোৱে যদি কৰিছে নাম-কীৰ্তন, কোনোৱে আকৌ ওৰে নিশা জুবিন ক্ষেত্ৰত বহি গাইছে প্ৰিয় শিল্পীৰ গান।ক্ষণিকৰ বাবেও জুবিন গাৰ্গক অন্তিম শয়নত অকলশৰীয়া অনুভৱ হ’বলৈ দিয়া নাই তেওঁৰ অনুৰাগী সকলে।
কিন্তু ইয়াৰ মাজতে একাংশ লোকৰ কৰ্ম-কাণ্ডই চৰকাৰ তথা প্ৰশাসনক কিছু কঠোৰ হবলৈ বাধ্য কৰাইছে। কিয়নো সমাধিত সুৰাৰ খেলাৰ পৰা আদি কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত সমাধিত সুৰা ঢালিছে। যাৰ বাবে এতিয়াৰে পৰা নিৰ্দিষ্ট সময়তহে সকলো গুণমুগ্ধই জুবিনক্ষেত্ৰ দৰ্শন কৰিব পাৰিব বুলি এক অধিসূচনা জাৰি কৰা হৈছে।
এই অধিসূচনাত উল্লেখিত নিৰ্দেশনা অনুসৰি প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ জুবিন গাৰ্গৰ সমাধিস্থলী দৰ্শনাৰ্থীৰ বাবে খোলা থাকিব। অৰ্থাৎ এতিয়াৰে পৰা এই সময়সীমাৰ ভিতৰতহে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব গুণমুগ্ধসকলে। নিৰ্ধাৰিত সময়সীমাৰ বাহিৰত কোনো দৰ্শনাৰ্থীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব।
এইক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গে কয় যে, ‘ৰাইজে যি বিচাৰে প্ৰশাসনে সেয়া চাই লওক, ১১-১২ বজালৈ পৰিৱেশ ঠিকেই থাকে, গতিকে ইমান অসুবিধা হ’ব নালাগে।’
লগতে জুবিন ক্ষেত্রত উপস্থিত হৈ শান্তিৰ পৰিৱেশ বিঘ্নিত নকৰাৰ অনুৰোধ জনাই সকলোকে। সকলোকে জুবিনক্ষেত্ৰক তীৰ্থস্থানৰ দৰে পবিত্ৰ কৰি ৰখাৰ আহ্বান পত্নী গৰিমাৰ।










