উত্তৰ ইংলেণ্ডত এগৰাকী ২০ বছৰীয়া যুৱতীৰ সৈতে সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। ইয়াৰ পিছতে ব্ৰিটিছ আৰক্ষীয়ে জনসাধাৰণৰ ওচৰত জনায় এক বিশেষ আহ্বান। কোনো লোকে সন্দেহজনক লোকজনক দেখিলে খবৰ দিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে। অভিযুক্তজন ইংলেণ্ডৰ বুলি সন্দেহ কৰা হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে এই ভুক্তভোগী ভাৰতীয় মূলৰ। ৱেষ্ট মিডলেণ্ডছ আৰক্ষীয়ে জনোৱা মতে, ২৫ অক্টোৱৰৰ সন্ধিয়া ৱালছলৰ পাৰ্ক হল অঞ্চলৰ ৰাজপথত এগৰাকী মহিলাই বিপদত পৰাৰ খবৰ পোৱা গৈছে। আৰক্ষীয়ে এই সন্দেহজনক লোকজনৰ চিচিটিভি ফুটেজ প্ৰকাশ কৰি কয় যে এই অপৰাধক বৰ্ণবাদী আক্ৰমণ হিচাপে গণ্য কৰা হৈছে।
এক প্ৰতিবেদন অনুসৰি, গোচৰটোৰ তদন্ত কৰি থকা ডিটেক্টিভ অধীক্ষক (ডি এছ) ৰ’নান টাইৰেৰে কয় যে, তেওঁলোকে এই অপৰাধীক গ্ৰেপ্তাৰৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে। আৰক্ষীৰ দলটোৱে প্ৰমাণ সংগ্ৰহ কৰি অভিযুক্তক চিনাক্ত কৰাৰ কাম কৰি আছে, যাতে তেওঁক সোনকালে জিম্মাত লোৱা হয়।
আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰীজন ৩০ বছৰীয়া বগা ৰঙৰ, চুটি চুলিৰ আৰু আক্ৰমণৰ সময়ত ক’লা কাপোৰ পিন্ধিছিল। স্থানীয় জনগোষ্ঠীয়ে কয় যে, ভুক্তভোগী মহিলাগৰাকী ভাৰতীয় মূলৰ মহিলা। এই কাণ্ড সংঘটিত হৈছে ওচৰৰ অল্ডবেৰী অঞ্চলত এগৰাকী ব্ৰিটিছ শিখ মহিলাক তেওঁৰ জাতিৰ বাবে অপকৰ্ম সংঘটিত কৰাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছত।
ৱালছল আৰক্ষীৰ মুখ্য অধীক্ষক ফিল ডলবিয়ে কয় যে, সমাজত ভয় আৰু উদ্বেগৰ অনুভূতি আছে, গতিকে অঞ্চলটোত আৰক্ষীৰ উপস্থিতি বৃদ্ধি পাব।শিখ ফেডাৰেচনৰ বাতৰি অনুসৰি ৱালছলত ভুক্তভোগী মহিলাগৰাকী এগৰাকী পাঞ্জাবী মহিলা আৰু অভিযুক্তই তেওঁৰ ঘৰ ভাঙি এই অপৰাধ সংঘটিত কৰে।










