কথা ৰাখিলে গৰিমাই।মহাবাহুৰ বিশাল বুকুত বিলীন হৈ গʼল ঈশ্বৰ পুত্ৰৰ। প্ৰিয় মানুহজনৰ ইচ্ছা পূৰণ কৰি চিতাভস্ম বিসৰ্জন দিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। মৰমৰ গল্ডীক কান্দি কান্দি শেষ বিদায় দিলে ৩০ বছৰে সুখে-দুখে কটোৱা পত্নী গৰিমাই।
অতি আৱেগিক এই সময়। কোনেও যেন বিদায় দিব বিচৰা নাই হিয়াৰ আমঠু গৰাকীক। কিন্টু নিয়মৰ বান্ধোন। জুবিন গাৰ্গে জীয়াই থাঁকোতেই কৈছিল- ‘মই মৰিলে ব্ৰহ্মপুত্ৰত উটুৱাই দিবি’, সেই কথাকেই যেন ৰাখিলে জুবিন পত্নী গৰিমাই।
মাংগলিক ৰীতি-নীতিৰে লুইতৰ বুকুত উটুৱাই দিয়া হয় জুবিন গাৰ্গৰ চিতাভস্ম। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত কান্দি কান্দি ঈশ্বৰ পুত্ৰৰ ইচ্ছা পূৰণ কৰিলে গৰিমা গাৰ্গ তথা পৰিয়ালে। কৰযোৰে কান্দি কান্দি প্ৰিয় মানুহজনক সোঁৱৰণ পত্নী গৰিমা শইকীয়া গাৰ্গৰ।
পুষ্পসজ্জিত এখন বাহনত কাছমাৰীঘাটলৈ লৈ যোৱা হৈছ্ল জুবিন গাৰ্গৰ চিতাভস্ম। লগতে আছিল জুবিনৰ ভগ্নী পামী বৰঠাকুৰৰ লগতে জুবলী বৰুৱা তথা বহুতো শুভাকাংক্ষী। ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ চিতাভষ্ম উতুৱাই দিয়াৰ প্ৰাক মুহূৰ্তত উচুপি উঠে জুবলী বৰুৱাই। শুক্লা অষ্টমীৰ লগ্ন চাই নীতি নিয়মৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ বুকুত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দিলে পত্নী গৰিমা শইকীয়া গাৰ্গে
‘তেওঁ বিচৰা ধৰণেই সকলোখিনি হৈছে, অসমখন খুব ভাল পাইছিল তেওঁ, ব্ৰহ্মপুত্ৰক খুব ভাল পাইছিল।অসমখন এৰি তেওঁ ক’তো যাব নোৱাৰে। আমাৰ বাট পোহৰাই তেওঁ সদায় থাকিব। তেওঁ বিচৰা ধৰণে ব্ৰহ্মপুত্ৰত চিতাভস্ম অপৰ্ণ কৰা হৈছে। ঈশ্বৰৰ সন্তান ঈশ্বৰৰ ওচৰলৈ গৈছে।’ –জুবিন গাৰ্গৰ চিতা ভষ্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ সয়মত এই মন্তব্য কৰে আবেগবিহ্বল পত্নী গৰিমা শইকীয়া গাৰ্গে।
যোৰহাটতো মহাবাহুৰ ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আৰু জুবিনৰ আত্মীয় আৰু শুভাকাংক্ষী সকলে ভাগ লয়। জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ আৰু জুবিন গাৰ্গৰ এগৰাকী খুৰীয়েকে অংশগ্ৰহণ কৰে এই চিতাভস্ম বিসৰ্জনত।










