ৰূপালী পৰ্দাত প্ৰাণৰ শিল্পীজনক দেখি কান্দিছে প্ৰতিগৰাকী দৰ্শকে। দৰ্শনী সমাপ্ত হ’লেও ছবিগৃহৰ পৰা ওলাই আহিব বিচৰা নাই দৰ্শকে।’ৰৈ ৰৈ বিনালে’ চাই চকুপানীৰে বাট নেদেখা হৈ উভতি আহিছে দৰ্শক।
চিনেমা চাবলৈ আহি চিনেমা হ’লৰ বাহিৰত এনেকৈয়ে আকৌ এবাৰ দৰ্শকে গালে ‘মায়াবিনী ৰাতিৰ বুকুত’। ‘জুবিনদাক আজি আমি বহুত MISS কৰিছো, চিনেমাৰ কাহিনীৰ সৈতে মিল আছে জুবিনদাৰ কাহিনীৰ’ কেনেকৈ ইমান মিল হব পাৰে বুলি মন্তব্য কৰিছে একাংশ দৰ্শকে।
কোনোৱে আকৌ কৈছে- ‘চকুপানীবোৰ এবাৰ তেওঁ দেখা হ’লে হয়তো ‘ধেৎ’ বুলি কৈ যোৱা বাটে নগৈ উভতি আহিলেহেঁতেন। কিন্তু তেওঁ নাই’।
 
			






 
					






