ৰাজ্যৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। কেবিনেটৰ সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ ভিতৰত এটা অন্যতম সিদ্ধান্ত হৈছে অৰুণোদয় ৩.০ আঁচনি।
ৰাজ্য চৰকাৰে অৰুণোদয় ৩.০ আঁচনিৰ জৰিয়তে পুনৰ ২০ লাখ লোকক ধন প্ৰদান কৰিব। ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় আঁচনি ৩.০।
অৱশ্যে, নতুন পদ্ধতিৰ জৰিয়তে প্ৰদান কৰা হ’ব অৰুণোদয় ৩.০। বাচনি প্ৰক্ৰিয়া হ’ব নতুন পদ্ধতিৰে। কৰ্তন হ’ব বৰ্তমানৰ একাংশ হিতাধিকাৰীৰ নাম। অৰুণোদয়ৰ বাবে বাধ্যতামূলক হ’ব ৰেচন কাৰ্ড।
ইয়াৰ জৰিয়তে ৰাজ্যত ৪৭ লাখলৈ বৃদ্ধি পাব অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ সংখ্যা।
সমান্তৰালকৈ চৰকাৰে নতুনকৈ ৬ লাখ পৰিয়ালক যোগান ধৰিব ৰেচন কাৰ্ড। লগতে, ৭-৮ আগষ্টৰ পৰা আৰম্ভ হ’ব ‘নিযুত মইনা’ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ প্ৰক্ৰিয়া।
উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট। কেবিনেটৰ সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰীয়ে সংবাদযোগে ঘোষণা কৰিলে সিদ্ধান্তসমূহৰ কথা।