পুনৰ বুলড’জাৰৰ শব্দত কঁপিব মধ্য অসম। এইবাৰ ৩৮ বিঘা চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ।
ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। ইতিমধ্যে ৭৫টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰা হৈছে। জাননী লাভ কৰাৰ পিছতেই বহুতেই খালি কৰিছে বেদখলকৃত ভূমি। টালি-টোপোলা বান্ধি অন্য ঠাইলৈ পলাইছে বেদখলকাৰীয়ে।
চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২ নং গেজিং ৰিজাভৰ ৩৮বিঘাৰ ভূমিৰ প্ৰায় ৭৫টা পৰিয়াললৈ জাননী দিছিল চামগুৰি ৰাজহচক্ৰই। ১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে। বেদখলকৃত ভূমি খালি কৰিবলৈ চৰকাৰী নিৰ্দেশনা পালন কৰি খালী কৰিছে চৰকাৰী ভূমি।











