পথ দুৰ্ঘটনাৰ পিছত পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ বাবে দেশত প্ৰতি বছৰে বহু লোকৰ মৃত্যু হয়। এই বিষয়টোক গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে দুৰ্ঘটনাগ্ৰস্ত লোকসকলক সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল।
সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে এতিয়া চৰকাৰে এই বিষয়ত নীতি প্ৰস্তত কৰা বুলি জানিবলৈ দিয়ে। লোকসভাত দিয়া তথ্যত চৰকাৰে জনাইছে যে যান-বাহনৰ ফলত হোৱা পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলক ‘নগদবিহীন’ চিকিৎসা প্ৰদানৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ইতিমধ্যেই চণ্ডীগড় আৰু অসমত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে।
পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা জনায়।
তেওঁ কয় যে, পথ দুৰ্ঘটনাত বলি হোৱা লোকসকলক আয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত তালিকাভুক্ত চিকিসালয়ৰ ট্ৰমা আৰু পলিমা বিভাগত চিকিসা প্ৰদান কৰা হয়।
ভুক্তভোগী লোকসকলক ৭ দিনত ১.৫০ লাখ টকা পৰ্যন্ত সাহায্য প্ৰদান কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।