No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেল মেচ। সন্ধিয়া ৭ বজাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেল। ইংলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেল জয়ৰ লক্ষ্যৰে যুঁজত নামিব টীম ইণ্ডিয়া।
- অধিক ভয়ংকৰ হোৱাৰ দিশে ইৰান-ইজৰাইল-আমেৰিকাৰ মাজৰ যুদ্ধ। কিয়নো যুদ্ধ বন্ধ কৰাৰ বাবে উত্থাপন কৰা বিল খাৰিজ কৰিলে আমেৰিকাৰ সংসদে। ইৰানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ট্ৰাম্পে লাভ কৰিলে মাৰ্কিন সাংসদৰ সমৰ্থন। যুদ্ধৰ সমৰ্থনত পৰিল ৫৩ টা ভোট।
- ইৰানে ক্লাষ্টাৰ বোমা ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি ইজৰাইল-আমেৰিকাৰ সৈতে হোৱা এই যুদ্ধত ৰাছিয়া আৰু চীনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইজৰাইলৰ বিষয়াসকলে কয় যে, ইৰাণে ইজৰাইলৰ ওপৰত ক্লাষ্টাৰ বোমা থকা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল। ক্লাষ্টাৰ বোমাক আধুনিক বিস্ফোৰক অস্ত্ৰৰ ভিতৰত অন্যতম বিতৰ্কিত বুলি গণ্য কৰা হয়। এই বোমাই বৃহৎ অঞ্চলত ডজন ডজন সৰু সৰু বোমা বিয়পাব পাৰে।
No Result
View All Result