মধ্যপ্ৰাচ্যত চলি থকা ইৰাণ-ইজৰাইলৰ উত্তেজনাৰ মাজতে ভাৰতলৈ ভাল খবৰ। বিশ্ব শক্তিৰ যোগান অনিশ্চিত হৈ থকাৰ সময়তে ভাৰতৰ নিউ মংগালুৰু বন্দৰত উপস্থিত হৈছে LPGৰ বৃহৎ চালান কঢ়িয়াই অনা এখন মালবাহী জাহাজ।
“PYXIS PIONEER” নামৰ মালবাহী জাহাজখনে আমেৰিকাৰ টেক্সাছৰ The Port of Nederland ৰ পৰা ৰাওনা হয় আৰু দেওবাৰে ভাৰতৰ নিউ মংগালুৰু বন্দৰত উপস্থিত হয়। বন্দৰ বিষয়াসকলৰ মতে, বৃহৎ পৰিমাণৰ তৰলীকৃত পেট্ৰলিয়াম গেছ কঢ়িয়াই ভাৰতত উপস্থিত হোৱা মালবাহী জাহাজখনে দেশৰ গেছ যোগান শক্তিশালী কৰিব।
যি সময়ত ইৰাণ আৰু ইজৰাইলৰ মাজত বৃদ্ধি পোৱা উত্তেজনাই মধ্যপ্ৰাচ্য এছিয়াৰ তেল আৰু গেছ যোগানত প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে, সেই সময়ত এই জাহাজখনে LPG কঢ়িয়াই ভাৰতত উপস্থিত হৈছে। এই চালান ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বিশেষজ্ঞসকলৰ মতে মধ্যপ্ৰাচ্য এছিয়াৰ পৰিস্থিতি অধিক বেয়া হ’লে বিশ্ব শক্তি বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও যোগানত ব্যাঘাত জন্মাও সম্ভৱ।
ভাৰতৰ দৰে প্ৰধান শক্তি গ্ৰাহকৰ বাবে মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজত বিকল্প উৎসৰ পৰা ইন্ধন আৰু গেছৰ উপলব্ধতা অতি গুৰুত্বপূৰ্ণ। ‘PYXIS PIONEER’ৰ সময়মতে আগমন এই দিশত ইতিবাচক লক্ষণ হিচাপে বিবেচিত হৈছে।
সম্প্ৰতি নতুন মংগালুৰু বন্দৰত জাহাজখনৰ পৰা LPG নমাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কোনো ধৰণৰ সম্ভাৱ্য দুৰ্ঘটনা ৰোধ কৰিবলৈ সুৰক্ষাৰ মানদণ্ড মানি চলি সকলো প্ৰয়োজনীয় পৰীক্ষা কৰা হৈছে। এই ধৰণৰ যোগানে বিশ্ব সংকটৰ সময়ত ভাৰতক স্থিতিশীলতা বজাই ৰখাত সহায় কৰিব।











