মধ্যপ্ৰাচ্যত চলি থকা সংকটৰ ফলত বহু দেশত তেলৰ মূল্য বৃদ্ধি পাইছে। ইফালে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে দেশত বৃদ্ধি পোৱা পেট্ৰ’ল আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ বাবে ইন্ধনৰ কৰ ৫০% হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া পোষ্টত ঘোষণা কৰে যে, অহা তিনিমাহৰ বাবে এই নিয়ম কাৰ্যকৰী হ’ব। বিদেশী সংঘাতৰ বাবে বৃদ্ধি পোৱা ঘৰুৱা মূল্যৰ চাপৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
চৰকাৰে ৰাষ্ট্ৰীয় ইন্ধন সুৰক্ষা পৰিকল্পনাও প্ৰকাশ কৰিছে, যাৰ ফলত ৰাজ্য আৰু ভূখণ্ডত নিৰৱচ্ছিন্ন ইন্ধন যোগান নিশ্চিত হ’ব। তেওঁ কয় যে, অনিশ্চিত বিশ্ব পৰিস্থিতিৰ মাজত জনসাধাৰণৰ যত্ন লোৱাটো প্ৰধান দ্বায়িত্ব।
লগতে এণ্টনি আলবানিজে সকীয়াই দিয়ে যে, যুদ্ধৰ সুবিধা লৈ তেলৰ মূল্য বৃদ্ধি কৰি লাভৱান হোৱাসকলক ৰেহাই দিয়া নহ’ব। এনে লোকৰ বিৰুদ্ধে গধুৰ শাস্তি ঘোষণা কৰিছে চৰকাৰে। আলবানিজে কয় যে, জনসাধাৰণৰ এই অভাৱৰ সুযোগ লৈ লাভ লোৱাসকলৰ কোনো অজুহাত গ্ৰহণ কৰা নহ’ব। লগতে সকলো বিষয়াকে বজাৰ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে।
প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে সকলো জনসাধাৰণকে কেৱল প্ৰয়োজনীয় ইন্ধন ক্ৰয় কৰিবলৈহে আহ্বান জনায়। তেওঁ কয় যে, এই সময়ত সংযমে সমাজখনক সহায় কৰিব পাৰে। ৩০ জুনলৈকে সস্তা হ’ব পেট্ৰ’ল আৰু ডিজেল।
ইন্ধন যোগানত কোনো ধৰণৰ ব্যাঘাত নজন্মাবলৈ অষ্ট্ৰেলিয়াৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ সৈতে সহযোগিতা আগবঢ়াইছে। বিশ্বৰ অনিশ্চয়তাৰ সময়ত অষ্ট্ৰেলিয়ান চৰকাৰে ঘৰুৱা সুৰক্ষা আৰু জনসাধাৰণৰ সুবিধা ৰক্ষাৰ বাবে এই সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে।












