ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯১৮- ভাৰতে ৰাজস্থানৰ পোখৰাণত দুটা পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
১৯৯৫- চেলচিয়া স্মিথ ১৯৯৫ চনত মিছ ইউনিভাৰ্ছ হয়।
১৯৯৮- আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে পাৰমাণৱিক পৰীক্ষাৰ প্ৰতিবাদত ভাৰতৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা ঘোষণা কৰে, জাপানে ভাৰতক দিয়া সাহায্য বন্ধ কৰে আৰু ১৯৯৮ চনত ট্ৰিনিদাদ আৰু ট’বাগোৰ সুন্দৰী বেণ্ডী ফিটজ-উইলিয়ামছ মিছ ইউনিভাৰ্ছ হয়।
১৯৯৯- জাপানী ছাত্ৰ কেই নাগুই বিশ্বৰ সাতটা উচ্চতম শৃংগ আৰোহণ কৰা আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী (২৫ বছৰীয়া) হিচাপে পৰিগণিত হয়।
২০০০- আজিৰ দিনটোতে চাইপ্ৰাছত অনুষ্ঠিত এক প্ৰতিযোগিতাত মিছ ইণ্ডিয়া লাৰা দত্তই মিছ ইউনিভাৰ্ছ ২০০০ খিতাপ অৰ্জন কৰে।
২০০৩- ৰিয়াদত আত্মঘাতী আক্ৰমণত ২৯ জন লোক নিহত হয়।
২০০৮- পাকিস্তান মুছলিম লীগ-নৱাজৰ আটাইকেইজন মন্ত্ৰীয়ে ন্যায়াধীশ পুনৰ নিযুক্তিৰ বিষয়ত পদত্যাগ কৰে।
২০১০- ভাৰতীয় সমাজ কৰ্মী এলা ভাটক ২০১০ চনৰ নিৱানো শান্তি বঁটাৰে সন্মানিত কৰা হয়।
২০১৭- বিশ্বৰ ১০০ খনতকৈও অধিক দেশ WannaCry ৰেনছমৱেৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল।









