থাইলেণ্ডৰ ফুকেটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এখন কেফেত ভোজন কৰি থকা অৱস্থাত হঠাৎ অচেতন হৈ পৰে ৪ জনকৈ ভাৰতীয় পৰ্যটক। এই ৰহস্যজনক ঘটনাত এজন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। থাইলেণ্ডত থকা ভাৰতীয় দূতাবাসে এই ঘটনা নিশ্চিত কৰাৰ লগতে প্ৰয়োজনীয় তথ্য ভাগ-বতৰা কৰে।
ভাৰতীয় যুৱ পৰ্যটকসকলৰ এজনৰ মৃত্যুত দূতাবাসে গভীৰ শোক প্ৰকাশ কৰে। এই শোকৰ সময়ত মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছে দূতাবাসৰ বিষয়াসকলে।
তথ্য অনুসৰি, ৯ মে’ৰ পুৱা ফুকেটৰ এখন কেফেত ৰহস্যজনকভাৱে এজন ২৬ বছৰীয়া ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন এতিয়াও চিকিৎসালয়ত থকা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। স্থানীয় কৰ্তৃপক্ষৰ মতে, কাঠু জিলাৰ কমলা বিচ এলেকাত সংঘটিত হৈছে এই ঘটনা।
গোচৰৰ তদন্তকাৰী আৰক্ষীয়ে দুয়োখন চিকিৎসালয়ত উপস্থিত হৈ ভুক্তভোগীৰ বক্তব্য লিপিবদ্ধ কৰাৰ চেষ্টা কৰে। অৱশ্যে বক্তব্য দিবলৈ সক্ষম হোৱা নাই যুৱক তিনিজনে। কেফেখনৰ নিৰাপত্তাৰক্ষীয়ে তদন্তকাৰীক জনোৱা মতে, প্ৰায় ১১ বজাৰ ওচৰত পাঁচজন ভাৰতীয় লোকে একেলগে কেফেখনত প্ৰৱেশ কৰে। ব্যক্তিকেইজনক কুশগ্ৰা আগৰৱালা, ৰাহুল আগৰৱাল, ৰাহুল আগৰৱালা, অমন আগৰৱাল, আৰিয়ান ভাৰ্মা নামৰ আন এজন লোকক চিনাক্ত কৰা হৈছে।
থাইলেণ্ড কৰ্তৃপক্ষই ভাৰতীয় দূতাবাসক অৱগত কৰি ফৰেনছিক বিশেষজ্ঞৰ সৈতে মিলি মৃত্যুৰ কাৰণ নিৰ্ণয়ৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ বিশদ পৰীক্ষা চলাইছে।









