হালধি স্বাস্থ্যৰ পক্ষে অতি উপকাৰী উপাদান। হালধিয়ে বহুতো ৰোগ নিৰাময় কৰাত সহায় কৰে। দৈনন্দিন ৰাতিপুৱা খালি পেটত কেঁচা হালধিৰ ৰস খালে বিভিন্ন ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।
আয়ুবের্দ শাস্ত্ৰত হালধিক ৰক্ত শোধক, পাচনতন্ত্ৰৰ বাবে উপকাৰী হিচাপে ব্যৱহাৰ কৰা হয়। ই হৃদ ৰোগ নিৰাময়ৰ বাবে যথেষ্ট উপকাৰী। নিয়মীয়াকৈ কেঁচা হালধিৰ ৰস সেৱন কৰিলে দেহত বৃদ্ধি পোৱা কলেষ্টৰল পৰিমাণ হ্ৰাস হোৱাত যথেষ্ট সহায়ক হয়। যাৰ ফলত হৃদৰোগৰ পৰা ৰক্ষা পাব পাৰি।
জানো আহক এই হালধিৰ উপকাৰিতাৰ বিষয়ে-
- মুখমণ্ডলৰ উজ্বলতা বঢ়াবলৈ, শালমইনা, ৰ’দে পোৰা আদিৰ বাবে হালধি ব্যৱহাৰ কৰা হয়, হালধি ছালৰ বাবে অতি উপকাৰী। ই ছালৰ বিভিন্ন সমস্যাৰ পৰা আমাক পৰিত্ৰাণ দিয়ে। ৰাতিপুৱা সদায় এগিলাচ হালধি গাখীৰ খালে শৰীৰৰ এলাৰ্জি নাইকিয়া হয়।
- শৰীৰত যিকোনো ধৰণৰ কটা ছিঙা বা ঘাঁহ আদি হ’লে তাত কেঁচা হালধি পিচি প্ৰলেপ লগালে উপকাৰ হয়, গাওঁ অঞ্চলত আজিও কটা ছিঙাত হালধি পিচি লগোৱা হয়।
- হালধিয়ে পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে। যাৰ বাবে হালধিক মহৌষধ বুলিও কোৱা হয়।
- হালধিৰ ৰস সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। যাৰ দ্বাৰা যিকোনো ধৰণৰ ভাইৰেল সংক্ৰমণ যথেষ্ট পৰিমাণে পৰিহাৰ কৰিব পাৰি। প্ৰায়ে বতৰৰ পৰিৱৰ্তনৰ ফলত, চৰ্দি আৰু কাহৰ অভিযোগ থাকে। কিন্তু যদি আপুনি কেঁচা হালধি খায়, তেতিয়া ইয়াক যথেষ্ট পৰিমাণে পৰিহাৰ কৰিব পাৰিব।
- কেঁচা হালধিক তেজ পৰিশোধক বুলিও কোৱা হয়। ইয়াৰ ব্যৱহাৰে তেজ পৰিষ্কাৰ কৰে। সুস্বাস্থ্যৰ বাবে তেজ পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। তেজত পিণ্ড থকাৰ বাবে, বহু প্ৰকাৰৰ ৰোগ হ’ব পাৰে।
- কেঁচা হালধিৰ কৰ্কট ৰোধী গুণ আছে। সেয়েহে, কেঁচা হালধি সেৱন কৰি, কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি।
- শৰীৰৰ যিকোনো ধৰণৰ কটা – ছিঙা বা ঘাঁহ আদি হ’লে, তাত কেঁচা হালধি পিচি প্ৰলেপ লগালে উপকাৰ হয়।
- শৰীৰৰগাঁঠিৰ বিষত হালধিৰ উপকাৰিতা দেখা যায়। হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে।
- হালধি চকুৰ ৰোগৰ বাবে উপকাৰী। ই কেটেৰেক্ট, ইউডিআইটিচৰ দৰে চকুৰ ৰোগসমূহ নিৰাময় কৰে।
- লিভাৰৰ ৰোগ, আভোক, জণ্ডিছ, চিৰোচিচ আদি ৰোগৰ বাবে হালধি উপকাৰী।
- হালধিয়ে মধুমেহৰোগ নিয়ন্ত্ৰণ কৰে। হালধিত থকালিপোপলিচেকেইড নামৰ উপাদানটোৱে তেজত গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰে। কেঁচা হালধি নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।