নগাঁৱত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল। উচতনিমূলক মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছে দুই নেতাৰ বিৰুদ্ধে।
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰিছে এজাহাৰ। নগাঁৱৰ সদৰ থানাত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।
উল্লখ্য যে, নগাঁও জিলাৰ ধিঙত নাবালিকা ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ অসমত উত্তেজনা অব্যাহত আছে। ধিঙৰ ঘটনাক কেন্দ্ৰ কৰি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাই সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে।
শেহতীয়াকৈ দুই নেতাদ্বয়ে ধিঙৰ ঘটনাৰ আলম লৈ উজনি অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা বুলি অভিযোগ কৰিছে। লগতে, উজনি অসমত মুছলমান শ্ৰমিকৰ বিৰুদ্ধে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।
দুই নেতাদ্বয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি শীঘ্ৰেই তেওঁলোকে মুছলমান লোকৰ ওপৰত হোৱা অত্যাচাৰ ৰোধ কৰিবলৈ দাবী জনাইছে।