বাক্সা জিলাৰ তামুলপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল তামুলপুৰৰ এজন যুৱকৰ। মৃত যুৱকজন ১৯ বছৰীয়া নিৰঞ্জন মেধী বুলি চিনাক্ত কৰা হৈছে।
লাউপাৰাৰ শান্ত মেধীৰ পুত্ৰ নিৰঞ্জন মেধীয়ে সমনীয়াৰ লগত বৰনদীত গা ধুবলৈ গৈছিল আৰু গা ধুই থকা অৱস্থাতেই নদীৰ বাঢ়নী পানীত ডুব যায়।
তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ নিৰঞ্জন মেধী আছিল লাউপাৰা শাখা ছাত্ৰ সন্থাৰ এগৰাকী সদস্য।
ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় সদস্যৰ এই কৰুণ মৃত্যুত বাক্সা জিলাৰ তামুলপুৰৰ লগতে জন্মস্থান লাউপাৰাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।