ফ্ৰান্সৰ ৰাজধানী পেৰিছত চলি থকা পেৰালিম্পিৰ সপ্তম দিনটোতো অব্যাহত আছে ভাৰতৰ খেলুৱৈৰ উজ্জিৱীত প্ৰদৰ্শন। আজি শ্বট পুট (F46) ইভেণ্টত ভাৰতে ৰূপৰ পদক অৰ্জন কৰিছে। বিশ্ব চেম্পিয়ন শচীন চাৰ্জেৰাও খিলাৰীয়ে দেশক এই কৃতিত্ব প্ৰদান কৰিছে।
ইয়াৰ পূৰ্বে মঙলবাৰে পেৰিছ পেৰালিম্পিকৰ এথলেটিকছত ৫৫.৮২ ছেকেণ্ডৰ সময়েৰে মহিলাৰ ৪০০ মিটাৰ টী-২০ প্ৰতিযোগিতাত দীপ্তি জীৱনজীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
ইয়াৰ লগে লগে ভাৰতে টকিঅ’ পেৰিলিম্পিকত অৰ্জন কৰা পদকৰ সংখ্যা অতিক্ৰম কৰে। ভাৰতে চলিত পেৰালিম্পিকত এইপৰ্যন্ত ২১টা পদক লাভ কৰিছে। সম্প্ৰতি ভাৰতে ৩টা সোণ, ৮টা ৰূপ আৰু ১০টা ব্ৰঞ্জ পদকেৰে তালিকাৰ ১৯ নম্বৰ স্থানত আছে। পদকৰ এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া মহিলাৰ ৪০০ মিটাৰ টী-২০ দৌৰত দীপ্তি জীৱনজীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। মঙলবাৰে নিশা ভাৰতৰ মেডেল তালিকাত সংযোজন হৈছিল চাৰিটা পদক। ইয়াৰ লগে লগে টকিঅ’ৰ ১৯টা পদকৰ সংখ্যাক অতিক্ৰম কৰি পেৰালিম্পিকত ইতিহাস ৰচিবলৈ সক্ষম হয় ভাৰত।
স্মৰ্তব্য যে, চলিত পেৰিছ পেৰালিম্পিকত ভাৰতে এথলেটিকছত যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াইছে।