পেৰিছত চলি থকা পেৰালিম্পিকৰ পৰা আহিছে এটাৰ পিছত আন এটা ভাল খবৰ। প্ৰতিযোগিতাখনত অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শন। শনিবাৰে ভাৰতৰ হৈ মহিলাৰ ২০০ মিটাৰ টী ১২ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়।
ছিমৰনে ২৪.৭৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি তৃতীয় স্থান দখল কৰে। এই শাখাত ভাৰতৰ প্ৰথমটো পেৰালিম্পিক পদক আৰু ইয়াৰ সৈতে ছিমৰনে ইতিহাসৰ সৃষ্টি কৰিছে।
ছিমৰনে ২০২৪ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিছিল। পেৰালিম্পিকতো ছিমৰনে বিশ্ব চেম্পিয়নশ্বিপৰ পুনৰাবৃত্তি কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। অৱশ্যে তৃতীয় স্থানত থাকি লাভ কৰে ব্ৰঞ্জ পদক। ছিমৰনৰ আৰম্ভনি মন্থৰ আছিল যদিও শেষৰ দহ চেকেণ্ডত তেওঁ শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায়।
কিউবাৰ ওমাৰা ডুৰাণ্ডে প্ৰথম স্থান দখল কৰি সোণৰ পদক লাভ কৰে। পেৰালিম্পিকত এয়া তেওঁৰ ১১ সংখ্যক সোণৰ পদক। দ্বিতীয় স্থানত আছে ইৰাণৰ হাগাৰ ছাফৰজাদে।
উল্লেখ্য যে, ছিমৰনে চকুৰে নেদেখে যদিও তেওঁৰ এই সাফল্যত আজি ভাৰতবাসী যথেষ্ট গৰ্বিত।