পেৰিছ পেৰালিম্পিক গেমছ ২০২৪ ত ভাৰতৰ সফল অভিযানৰ সমাপ্তি ঘটে। খেলৰ অন্তিম দিনটোত, ভাৰতৰ কেৱল এটা ইভেণ্টত প্ৰতিযোগিতা আগবঢ়ায় যদিও পদক অৰ্জন কৰিব নোৱাৰে। ইয়াৰ লগে লগে ভাৰতৰ আটাইতকৈ সফল পেৰালিম্পিক গেমছৰো সমাপ্তি ঘটে।
পেৰিছ পেৰালিম্পিকত ভাৰতৰ চূড়ান্ত পদকৰ সংখ্যা আছিল ২৯ টা, যাৰ ভিতৰত আছিল ৭ টা সোণৰ পদক। এইয়া পেৰালিম্পিকত ভাৰতৰ বাবে সৰ্বাধিক সংখ্যক পদক। এই সময়ছোৱাত, প্ৰথমবাৰৰ বাবে ভাৰতে ধনুৰ্বিদ্যাত সোণৰ পদক লাভ কৰে, আনহাতে এথলেটিকছত সৰ্বাধিক ১৭ টা পদক আহে, যি এটা নতুন অভিলেখ।
খেল আৰম্ভ হোৱাৰ আগতে ২৫ টা পদকৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু ভাৰতৰ যুঁজাৰু পেৰা-এথলীটসকলে কেৱল এই লক্ষ্য প্ৰাপ্ত কৰাই নহয়, আগবাঢ়ি গৈ টকিঅ’ অলিম্পিতকৈ ১০ টা অধিক পদক অৰ্জন কৰিছিল।
টকিঅ’ অলিম্পিকত ৫ টা সোণৰ পদকৰ বিপৰীতে পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈসকলে ৭ টা স্বৰ্ণ অৰ্জন কৰে। একেদৰে, টকিঅ’ত ৮ টা ৰূপৰ তুলনাত ৯ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ তুলনাত ১৩ টা ব্ৰঞ্জ অৰ্জন কৰে।