কৰ্ণাটকৰ বেংগালুৰু ৰাজ ৰাজেশ্বৰী নগৰৰ পৰা বিজেপি বিধায়ক মুনিৰত্নক কোলাৰ জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কোলাৰ আৰক্ষীৰ সহায়ত বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজেপি বিধায়কজনক।
শুকুৰবাৰে বেংগালুৰু মহানগৰ নিগমৰ দুজন ঠিকাদাৰে তেওঁৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়া, উৎকোচ লোৱা আৰু জাতি সম্পৰ্কীয় নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল।
এই ঠিকাদাৰ দুজনে মুনিৰত্নৰ এটা অডিঅ’ বাৰ্তাও ভাইৰেল কৰিছে য’ত বিধায়কজনে তেওঁলোকক গালি-গালাজ আৰু ভাবুকি দিয়া স্পষ্ট ৰূপত শুনা যায়।
তথ্য অনুসৰি বেংগালুৰু আৰক্ষীয়ে বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে দুটাকৈ এফআইআৰ ৰুজু কৰে। গোচৰ ৰুজু হোৱাৰ পিছত মুনিৰত্ন গোপনে বেংগালুৰুৰ পৰা কোলাৰলৈ গুচি যায়।
আৰক্ষীৰ দলটোৱে বেংগালুৰুৰ বিভিন্ন স্থানত তেওঁক বিচাৰি অভিযান চলাই যদিও কোনো সম্ভেদ লাভ কৰা নাছিল। আৰক্ষীয়ে জনোৱা মতে, আজি বিয়লি ৪.৩০ বজাত তেওঁ কোলাৰৰ মুলবাগালত থকা বুলি তথ্য লাভ কৰে।
ইয়াৰ পিছতে বেংগালুৰুৰ পৰা আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ মুনিৰত্নক গ্ৰেপ্তাৰ কৰে। অধিক সোধা-পোছাৰ বাবে বিধায়কজনক বেংগালুৰুলৈ অনা হ’ব।
গ্ৰেপ্তাৰৰ পিছতেই এই কাৰ্যক ৰাজনৈতিক কু-অভিপ্ৰায় বুলি অভিহিত কৰি আইনী যুঁজত অৱতীৰ্ণ হ’ব বুলি মুনিৰত্নই কয়।