কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এটা ৰাষ্ট্ৰীয় টেলিভিছনৰ সৈতে হোৱা বিশেষ বাৰ্তালাপত তেওঁৰ বিভাগে কৰা উন্নয়নমূলক কামৰ বিষয়ে মুকলিকৈ উল্লেখ কৰে। তেওঁ জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সাফল্যলৈকে প্ৰতিটো বিষয়তে নিজৰ মতামত প্ৰকাশ কৰে।
যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ পৰা আৰম্ভ কৰি পথ আৰু পৰিবহণলৈকে চৰকাৰে কৰা উন্নয়নমূলক কামৰ বিষয়ে বিস্তাৰিত ৰূপত প্ৰকাশ কৰে। টোল টেক্স দিয়াৰ পৰা আৰম্ভ কৰি বিৰোধী সন্দৰ্ভত তেওঁ কি মন্তব্য প্ৰদান কৰিছে সেয়া বিতংভাৱে জানি লওক।
নীতিন গাডকাৰীয়ে কয় যে জম্মু-কাশ্মীৰত ভোটদানৰ পূৰ্বৰ অভিলেখ ভংগ হৈছে। গণতন্ত্ৰৰ প্ৰতি মানুহৰ বিশ্বাস বাঢ়িছে। আগতে সন্ত্ৰাসবাদী কাৰ্যকলাপে মানুহক ভয় খুৱাইছিল, এতিয়া তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িছে। এয়া আমাৰ চৰকাৰৰ এক ডাঙৰ কৃতিত্ব। চৰকাৰে বহু পদক্ষেপ লৈছে। ইয়াৰ ফলত বিজেপিৰ জয় হ’ব বুলি মোৰ বিশ্বাস।
দেশত কিমানখন এক্সপ্ৰেছৱে নিৰ্মাণ হৈছে?
জম্মু-কাশ্মীৰত প্ৰায় ২ লাখ কোটি টকাৰ কাম কৰা হৈছে। জম্মু শ্ৰীনগৰ হাৰ্ট লাইন, ইয়াত ১৮টা সুৰংগ নিৰ্মাণ কৰা হৈছে। ৰিং ৰোড নিৰ্মাণ কৰা হৈছে। কাশ্মীৰক কন্যাকুমাৰী বুলি কোৱা হৈছিল। ৰোহটাঙৰ পৰা লাডাখ জোজিলা সুৰংগ, কাটৰাৰ পৰা দিল্লীলৈ, দিল্লীৰ দ্বাৰকা এক্সপ্ৰেছৱে, তাৰ পিছত মুম্বাই এক্সপ্ৰেছৱে, তাৰ পিছত নাছিক, তাৰ পিছত কন্যাকুমাৰী অৰ্থাৎ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এক্সিছ কন্ট্ৰোল ৰোড নিৰ্মাণ কৰা হ’ল। পাঁচটা ৰ’প ৱে বনোৱা হৈছে। পৰ্যটকৰ সংখ্যাও বৃদ্ধি হৈছে, ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন লাভ কৰাৰ লগতে উন্নয়নৰ দিশত আগবাঢ়ি যাব।
ৰাজনৈতিক সমীকৰণ
কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে লগতে জম্মু-কাশ্মীৰৰ নিৰ্বাচন সন্দৰ্ভত কয়, ‘আমি নিৰ্বাচনত জয়ী হ’ব লাগিব। ভোট বিভাজন হ’ব নালাগে। আমি কিছুমান ঠাইত শক্তিশালী নিৰ্দলীয়ক সমৰ্থন কৰিছো, যদি তেওঁলোকে জয়ী হয় তেন্তে তেওঁলোক আমাৰ লগত আহিব’।
টোল সন্দৰ্ভত মন্তব্য
বাজেট চৰকাৰে প্ৰদান কৰে। পূৰ্বোত্তৰত কাম হৈ আছে। সকলো পথতে টোল নাই। দিল্লীৰ পৰা ডেহৰাদুনলৈ মাত্ৰ দুঘণ্টাতে গৈ পাব। আপোনাৰ সময় আৰু পেট্ৰ’ল ৰাহী নহ’ব নেকি? চাৰ্ভিছ লাগিলে টোল দিব লাগিব। ২২ ঘণ্টাত দিল্লীৰ পৰা মুম্বাই পায়, তেওঁলোকৰ সময় ৰাহি হৈ আছে, গতিকে টোল দি আছে।