বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ গৈ মৃত্যুমুখত পৰিল এজন যুৱক। বন্ধুৰ জন্মদিন উপলক্ষ্যে ৰাণী খামাৰলৈ ফুৰিবলৈ গৈছিল ভূৰাপাৰাৰ ২১ বছৰীয়া মানসজ্যোতি দাস।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাণী খামাৰৰ নৈত কালি গা ধুই আছিল আটাইকেইজন বন্ধু। কিন্তু হঠাৎ মানস হৈ পৰে সন্ধানহীন। হুৱাদুৱা লাগে বন্ধু বৰ্গৰ মাজত।
ইয়াৰ পিছতে স্থানীয় লোক তথা উদ্ধাৰকাৰী দলে মানসক বিচাৰ খোচাৰ কৰা হয় যদিও এন্ধাৰ নামি অহাত অভিযান স্তব্ধ হৈ পৰে।
কিন্তু আজি পুৱাৰে পৰা মানসক বিচাৰি উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰে। কিন্তু বহু সময় অভিযান চলোৱাৰ পিছতো মানসৰ কোনো শুং সূত্ৰ লাভ নকৰে অভিযানকাৰী দলে।
অৱশেষত বাৰেগাঁৱৰ চেৰপা এন চাংমা নামৰ এজন যুৱকে মানসৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
মানসৰ মৃতদেহ উদ্ধাৰৰ পিছতে তেওঁৰ পৰিয়ালবৰ্গ-আত্মীয়ৰ লগতে সমগ্ৰ ভূৰাপাৰা অঞ্চলত এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়।