বৃহস্পতিবাৰে অসমৰ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এক শক্তিশালী ভূমিকম্প সংঘটিত হয়। অৱশ্যে ভূমিকম্পৰ ফলত তাৎক্ষণিকভাৱে গুৰুতৰ ক্ষয়-ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৩ ৰিখটাৰ।
৪.৩০ মিনিটত অহা ভূমিকম্পটোৰ অভিকেন্দ্ৰ নগাঁৱৰ ২৬.১২ অক্ষাংশ আৰু ৯২.৫৪ দ্ৰাঘিমাংশত ২৫ কিলোমিটাৰ গভীৰতাত আছিল।
জানিব পৰা অনুসৰি, ৰাজ্যৰ সকলো প্ৰান্তৰ লগতে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যকে জোকাৰি গৈছে এই ভূমিকম্পই।