ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে হাৰিয়ানা নিৰ্বাচনত এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইছে। হাৰিয়ানাৰ টোছাম বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী অনিৰুদ্ধ চৌধৰীক সমৰ্থন আগবঢ়াইছে ছেহৱাগে।
সেহৱাগে ভিডিঅ’ বাৰ্তাযোগে কয় যে মই তেওঁক মোৰ ডাঙৰ ভাই বুলি গণ্য কৰো, তেওঁৰ পিতৃ ৰণবীৰ সিং মহেন্দ্ৰ বিচিচিআইৰ সভাপতি আছিল আৰু তেওঁ মোক বহুত সহায় কৰিছে।
ছেহৱাগে কয় যে, এই সময় তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ। মই ভাবো যে তেওঁক মই সহায় কৰিব পাৰিম। অনিৰুদ্ধ চৌধৰীক সহায় কৰিবলৈ টোছামৰ ৰাইজলৈ আহ্বান জনাইছো।
উল্লেখ্য যে, ৪৮ বছৰীয়া অনিৰুদ্ধ চৌধৰী ৰাজনীতিৰ ক্ষেত্ৰখনত নতুন নহয়, তেওঁ হাৰিয়ানাৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী বংশী লালৰ নাতি আৰু ৰণবীৰ মহেন্দ্ৰৰ পুত্ৰ।
অৱশ্যে অনিৰুদ্ধ চৌধৰীৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচন প্ৰত্যাহ্বান হিচাপে থিয় দিছে কিয়নো তেওঁৰ প্ৰতিদ্বন্দ্বি হৈছে আত্মীয় ভগ্নী শ্ৰুতি চৌধুৰী, যিয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
টোছামৰ এই নিৰ্বাচনী যুঁজখন কেৱল ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নহয়, ই এক পাৰিবাৰিক প্ৰতিদ্বন্দ্বিতা, কিয়নো দুয়োজন প্ৰাৰ্থী পোনপটীয়াকৈ হাৰিয়ানাৰ ৰাজনৈতিক পৰিয়ালৰ পৰা আহিছে।