নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱী ব্ৰহ্মচাৰিণীক বিশেষভাৱে পূজা কৰা হয়। মা ব্ৰহ্মচাৰিণীক জ্ঞান, তপস্যা আৰু বৈৰাগ্যৰ দেৱী ৰূপে পূজা কৰা হয়। বিশ্বাস কৰা হয় যে, নৱৰাত্ৰিৰ দ্বিতীয় দিনা ব্ৰহ্মচাৰিণী মাৰ উপাসনা কৰিলে জীৱনৰ পৰা সকলো সমস্যা আঁতৰ হয়।
নৱৰাত্ৰিৰ দ্বিতীয় দিনটো মা ব্ৰহ্মচাৰিণীক উৎসৰ্গিত কৰা হয়। মা ব্ৰহ্মচাৰিণী নামৰ হৈছে- “ব্ৰহ্ম” মানে তপস্যা আৰু “চাৰিণী” মানে যিয়ে পৰিচালনা কৰে অৰ্থাৎ তপস্যা কৰা আদি স্ৰোত শক্তি। মা ব্ৰহ্মচাৰিণী সদায় শান্ত আৰু সংসাৰৰ পৰা বিচ্ছিন্ন হৈ তপস্যাত নিমগ্ন হৈ থাকে। কঠোৰ তপস্যাৰ বাবে, তেওঁৰ মুখত এক আশ্চৰ্যকৰ উজ্জ্বলতা আছে। মা ব্ৰহ্মচাৰিণীয়ে অক্ষমালা আৰু কমণ্ডল হাতত লৈ থাকে। মাক সাক্ষাৎ ব্ৰহ্মৰ ৰূপ বুলি গণ্য কৰা হয়।
মা ব্ৰহ্মচাৰিণী তিথি আৰু শুভ মুহুৰ্ত
বৈদিক শাস্ত্ৰ অনুসৰি, নৱৰাত্ৰিৰ দ্বিতীয়া তিথি ৪ অক্টোবৰ সন্ধিয়া ০২:৫৮ বজাত আৰম্ভ হ’ব আৰু তাৰিখ ৫ অক্টোবৰৰ সন্ধিয়া ০৫:৩০ বজাত সমাপ্ত হ’ব। মা ব্ৰহ্মচাৰিণীৰ উপাসনা কৰাৰ শুভ সময় হ’ব পুৱা ১১.৫১ বজাৰ পৰা ১২.৩৮ বজালৈ থাকিব।
মা ব্ৰহ্মচাৰিণী ব্ৰত কথা
কোৱা হয় যে, মা ব্ৰহ্মচাৰিণী হিমালয়ৰ ঘৰত কন্যা হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু নাৰদ মুনিৰ উপদেশ অনুসৰণ কৰি ভগৱান শংকৰক তেওঁৰ স্বামী হিচাপে পাবলৈ কঠোৰ তপস্যা কৰিছিল। এই কঠোৰ তপস্যাৰ বাবে, তেওঁ ব্ৰহ্মচাৰিণী নামেৰে জনাজাত আছিল। এক হাজাৰ বছৰ ধৰি মা ব্ৰহ্মচাৰিণীয়ে কেৱল ফল-মূল আৰু ফুল খাই তপস্যা কৰিছিল। বছৰ বছৰ ধৰি তেওঁ কঠোৰ কষ্ট সহ্য কৰি ভগৱান শিৱৰ উপাসনা কৰিছিল।
কঠোৰ তপস্যাৰ ফলত, মা ব্ৰহ্মচাৰিণী সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছিল। তেওঁৰ তপস্যাই স্বৰ্গ, মৰ্ত্য আৰু পাতাল সকলোতে এক হাহাকাৰৰ সৃষ্টি কৰিছিল। দেৱতা, ঋষি, মুনি, সকলোৱে দেৱী ব্ৰহ্মচাৰিণীৰ এই তপস্যাক এক অভূতপূৰ্ব গুণী কাম হিচাপে প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল।
মাৰ তপস্যা দেখি ব্ৰহ্মায়ে আকাশবাণী কৰিছিল যে, তেওঁৰ ইচ্ছা নিশ্চিতভাৱে পূৰণ হ’ব, কঠোৰ তপস্যা বাবে অতি সোনকালেই তেওঁ ভগৱান চন্দ্ৰমৌলী শিৱই নিজৰ স্বামী হিচাপে পাব। ব্ৰহ্মাৰ প্ৰবন্ধ অনুসৰি, তেওঁ ভগবান শিৱৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
মা ব্ৰহ্মচাৰিণী পূজাৰ তাৎপৰ্য
বিশ্বাস অনুসৰি মা ব্ৰহ্মচাৰিণীয়ে প্ৰতিটো নিজৰ ভক্তসকলৰ ওপৰত কৃপা বৰ্তাই ৰাখে। বিশ্বাস কৰা হয় যে, মা ব্ৰহ্মচাৰিণীৰ আশীৰ্বাদত, প্ৰতিটো কাম সুচাৰুৰূপে সম্পূৰ্ণ হয় আৰু পৰিয়ালত সুখ, শান্তি আৰু সমৃদ্ধি বৰ্তি থাকে। মাক উপাসনা কৰিলে সংযম-শক্তি, সাত্বিকতা আৰু জীৱনত আত্মবিশ্বাস বৃদ্ধি হয়। মা ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে, জ্ঞান বৃদ্ধি হয় আৰু সকলো সমস্যাৰ পৰা মুক্তি পোৱা যায়।