No Result
View All Result
বৃহস্পতিবাৰে অসমবাসীৰ বাবে আহিল এক বহু প্ৰত্যাশিত খৱৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনাই কেন্দ্ৰীয় কেবিনেটে। ই অসমৰ ইতিহাসত অসমীয়া ভাষাৰ বাবে এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হয়।
ইয়াৰ পূৰ্বে দেশৰ ৬টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। পূৰ্বে স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ ধ্ৰুপদী ভাষা কেইটা হৈছে- তামিল, সংস্কৃত, কানাড়া, তেলেগু, মালায়লম আৰু ওড়িয়া। এতিয়াৰে পৰা ভাৰতৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা ভাষাৰ সংখ্যা হ’ল মুঠ ১১টা।
বৃহস্পতিবাৰে এই ৫ ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখে যে, মাৰাঠী হৈছে ভাৰতৰ গৌৰৱ। এই ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে অভিনন্দন। এই সন্মানে আমাৰ দেশৰ ইতিহাসত মাৰাঠীৰ সমৃদ্ধ সাংস্কৃতিক অৱদানক স্বীকৃতি দিয়ে। মাৰাঠী সম্প্ৰদায় সদায় ভাৰতীয় ঐতিহ্যৰ আধাৰ হৈ আহিছে।
লগতে তেওঁ ইয়াকো কয় যে, তেওঁ অত্যন্ত সুখী যে দুৰ্গা পূজাৰ এই পৱিত্ৰ উৎসৱৰ পূৰ্বে বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে। বঙালী সাহিত্যই বহু বছৰ ধৰি অগণন লোকক অনুপ্ৰাণিত কৰিছে। ইয়াৰ বাবে তেওঁ সমগ্ৰ বিশ্বৰ সকলো বাঙালী ভাষী লোকক অভিনন্দন জনায়।
অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে এক্সপোষ্টত লিখে যে, কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত তেওঁ অত্যন্ত সুখী। বহু শতাব্দী ধৰি অসম সংস্কৃতিৰে সমৃদ্ধ হৈ আছে আৰু সকলোকে এক সমৃদ্ধ সাহিত্য পৰম্পৰা প্ৰদান কৰিছে। এই ভাষাটো অনাগত সময়ত আৰু অধিক জনপ্ৰিয় হৈ উঠিব বুলি তেওঁ অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা এক্স পোষ্টত লিখিছে যে, পালি আৰু প্ৰাকৃত হৈছে ভাৰতীয় সংস্কৃতিৰ উৎপত্তি। এই ভাষা হৈছে আধ্যাত্মিকতা, জ্ঞান আৰু দৰ্শনৰ ভাষা। এই দুই ভাষাই নিজৰ সাহিত্যিক পৰম্পৰাৰ বাবেও জনাজাত। ধ্ৰুপদী ভাষা হিচাপে এই ভাষাৰ স্বীকৃতিয়ে ভাৰতীয় চিন্তা, সংস্কৃতি আৰু ইতিহাসৰ ওপৰত ইয়াৰ কালজয়ী প্ৰভাৱক সন্মান কৰে।
No Result
View All Result