নৱৰাত্ৰি উৎসৱ ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। আজি নৱৰাত্ৰিৰ তৃতীয়টো দিন। দেৱী চন্দ্ৰঘন্টাক আজিৰ দিনটোত দেৱী দুৰ্গাৰ তৃতীয় অৱতাৰ হিচাপে পূজা কৰা হয়। বিশ্বাস কৰা হয় যে, এই দিনটোত উপবাসে থাকি মাৰ উপাসনা কৰাৰ লগতে মা চন্দ্ৰঘণ্টাৰ কাহিনী শুনিলে জীৱনত সুখ লাভ কৰিব পাৰি। ইয়াৰ লগতে সকলো ধৰণৰ ভয়ৰ পৰাও পৰিত্ৰাণ পাব।
নৱৰাত্ৰিৰ তৃতীয় দিনটো মা চন্দ্ৰঘন্টালৈ উৎসৰ্গিত। মা দুৰ্গাৰ এই ৰূপ অতি শান্তিপূৰ্ণ আৰু পৰোপকাৰী। বিশ্বাস কৰা হয় যে, মা চন্দ্ৰঘণ্টাৰ উপাসনা কৰি এগৰাকী ব্যক্তিয়ে আধ্যাত্মিক শক্তি লাভ কৰিব পাৰে। ইয়াৰ উপৰিও, মা চন্দ্ৰঘণ্টাৰ উপাসনা কৰিলে সকলো ধৰণৰ ৰোগ আৰু কষ্টৰ পৰা ৰক্ষা পাব পাৰি। মা চন্দ্ৰঘণ্টাৰ কপালত অৰ্ধচন্দ্ৰমা বিৰাজমান, সেয়েহে তেওঁৰ নাম চন্দ্ৰঘণ্টা হয়। তেওঁৰ শৰীৰৰ ৰং সোণৰ দৰে উজ্জ্বল আৰু তেওঁৰ হৈছে বাহনখন সিংহ।
মা চন্দ্ৰঘন্টাৰ পূজা কৰাৰ শুভ মুহুৰ্ত–
বৈদিক শাস্ত্ৰৰ মতে, মা চন্দ্ৰঘণ্টাৰ উপাসনা কৰাৰ শুভ সময় হ’ব পুৱা ১১.৪৬ বজাৰ পৰা নিশা ১২.৩৩ বজালৈ। এই সময়ছোৱাত, মা চন্দ্ৰঘণ্টাক উপাসনা কৰিব পাৰি আৰু তেওঁক ভোগ লগোৱা হয়।
মা চন্দ্ৰঘন্টাৰ ব্ৰত কথা–
জনশ্ৰুতি অনুসৰি, মা দুৰ্গাৰ প্ৰথম ৰূপ হৈছে মা শৈলপুত্ৰী আৰু দ্বিতীয় ৰূপ হৈছে মা ব্ৰহ্মচাৰিণী ৰূপ। মা ব্ৰহ্মচাৰিণী ৰূপক পূজা কৰিলে ভগৱান শিৱৰ কৃপা লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। প্ৰবাদ মতে, যেতিয়া মা ব্ৰহ্মচাৰিণীয়ে ভগৱান শংকৰক নিজৰ স্বামী হিচাপে প্ৰাপ্ত কৰিছিল, তেতিয়াই তেওঁ আদিশক্তিৰ ৰূপত আৱিৰ্ভাৱ হয় আৰু চন্দ্ৰঘন্টা নাম লৈছিল।
যেতিয়া পৃথিৱীত ৰাক্ষসৰ সন্ত্ৰাস বাঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়া মা দুৰ্গাই মা চন্দ্ৰঘণ্টাৰ অৱতাৰ লৈছিল। একে সময়তে, মহিষাসুৰৰ দেৱতাসকলৰ সৈতে এক ভয়ংকৰ যুদ্ধ চলি আছিল। মহিষাসুৰে দেৱৰাজ ইন্দ্ৰৰ সিংহাসন কাঢ়ি নিব বিচাৰিছিল। মহিষাসুৰে স্বৰ্গত নিজে শাসন কৰাৰ আকাংক্ষা পূৰণ কৰিবলৈ দেৱতাসকলৰ সৈতে এই যুদ্ধত লিপ্ত হৈছিল।
যেতিয়া দেৱতাসকলে মহিষাসুৰৰ ইচ্ছাৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁলোক বিচলিত হৈ ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ কাষ চাপে। দেৱতাসকলৰ পৰা মহিষাসুৰে তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ কথা জানিব পাৰি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ যথেষ্ট খং উঠিল। খঙত তিনিওজনৰ মুখৰ পৰা শক্তিৰ এক উৰ্জা নিৰ্গত হয়, সেই শক্তিৰ পৰাই এগৰাকী দেৱীৰ আৱিৰ্ভাব হয়। এই দেৱীগৰাকীক ভগৱান শংকৰে নিজৰ ত্ৰিশূল, ভগৱান বিষ্ণুই নিজৰ চক্ৰ, ইন্দ্ৰই নিজৰ ঘণ্টা, সূৰ্যই নিজৰ উজ্বলতা, তৰোৱাল আৰু সিংহ প্ৰদান কৰিছিল।ইয়াৰ পিছত মা চন্দ্ৰঘণ্টাই মহিষাসুৰক বধ কৰি দেৱতাসকলক ৰক্ষা কৰিছিল।