মুলতান ক্ৰিকেট ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ইংলেণ্ডৰ তাৰকা বেটাৰ জ’ ৰুটে এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয়। সুন্দৰ ফৰ্মৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৰুটে পাকিস্তানৰ বিৰুদ্ধে প্ৰথম ইনিংছত দৰ্শনীয় শতকীয় ইনিংছ খেলে।
শতক অৰ্জন কৰাৰ লগে লগে তেওঁ বিশ্বৰ চাৰিগৰাকী মহান ক্ৰিকেটাৰৰ নামত থকা সৰ্বাধিক শতকৰ সংখ্যাকো অতিক্ৰম কৰে। ৰুটে শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক মহেলা জয়াৱৰ্ধনে, ৱেষ্টইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰা, ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰ আৰু পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইউনুছ খানৰ নামত থকা শতকৰ সংখ্যা অতিক্ৰম কৰে।
এই চাৰিজন মহান ক্ৰিকেটাৰে টেষ্ট ক্ৰিকেটত ক্ৰমে ৩৪-৩৪টা শতক অৰ্জন কৰিছিল। ইফালে ৰুটে মুলতান টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰাৰ লগে লগে তেওঁৰ নামত সংযোজন হয় ৩৫ সংখ্যক শতক।
ইফালে টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জনৰ ক্ষেত্ৰত ৰুট এতিয়া ষষ্ঠ সংখ্যক স্থানত আছে। ৰুটৰ আগত আছে ৰাহুল দ্ৰাবিড় (৩৬), কুমাৰ ছাংগাকাৰা (৩৮), ৰিকি পণ্টিং (৪১), জেকছ কালিছ (৪৫) আৰু শচীন তেণ্ডুলকাৰ (৫১)।
উল্লেখ্য যে, পাকিস্তানৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ প্ৰথম ইনিংছত ৰুটে সম্প্ৰতি ১১৯ ৰান কৰি ক্ৰিজত আছে।