ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি মহাৰাষ্ট্ৰত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব নিৰ্বাচন।
মহাৰাষ্ট্ৰত ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে ২৩ নৱেম্বৰত ভোটগণনা হ’ব বুলি সংবাদমেলযোগে জানিব দিয়ে।
আনহাতে ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অহা ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, মহাৰাষ্ট্ৰ নিৰ্বাচনৰ বাবে ২২ অক্টোবৰত অধিসূচনা জাৰি কৰা হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৯ অক্টোবৰ। আনহাতে মনোনয়ন পৰীক্ষা কৰা হ’ব ৩০ অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৪ নৱেম্বৰ।
ইফালে ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৮ অক্টোবৰত অধিসূচনা জাৰি কৰা হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ। আনহাতে মনোনয়ন পৰীক্ষা কৰা হ’ব ২৮ অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৩০ অক্টোবৰ।
আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২২ অক্টোবৰত অধিসূচনা জাৰি কৰা হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৯ অক্টোবৰ। আনহাতে মনোনয়ন পৰীক্ষা কৰা হ’ব ৩০ অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৪ নৱেম্বৰ।
বৰ্তমানৰ মহাৰাষ্ট্ৰ বিধানসভাৰ কাৰ্যকাল অহা ২৬ নৱেম্বৰত অন্ত পৰিব। ইপিনে, ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকাল অহা ৫ জানুৱাৰীত সমাপ্ত হ’ব।