শুকুৰবাৰে পুৱা প্ৰায় ৫.৫০ বজাত দিল্লীৰ শ্বাহদৰা জিলাৰ ভোলানাথ নগৰ অঞ্চলত অগ্নিকাণ্ড সংঘটিত হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল আৰু অগ্নিনিৰ্বাপক বাহিনী। ঘটনাস্থলত উপস্থিত হোৱাৰ পিছতহে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জানিব পাৰে যে অট্টালিকাটোৰ তৃতীয় মহলাৰ এটা ফ্লেটত জুই লাগিছিল।
ঘটনাৰ সময়ত ঘৰটোত আছিল পৰিয়ালৰ ৬ জন সদস্য। সকলোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইয়াৰে দুজন লোকৰ মৃত্যু হয়। কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হ’ল তাৰ তদন্ত অব্যাহত ৰাখিছে।
শ্বাহদৰা জিলাৰ ডিচিপিৰ মতে, ভোলানাথ নগৰৰ এটা ঘৰত অগ্নিকাণ্ড সংঘটিত হৈ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন আহত হয়। আহত আৰু মৃত আটাইকেইজন একেটা পৰিয়ালৰ সদস্য।
তেওঁ লগতে কয় অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ঘৰটো ধোৱাৰে আৱৰি ধৰাৰ ফলত শ্বাসৰুদ্ধ হৈ মাতৃ-পুত্ৰৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এফ এছ এলৰ দলটোক ঘটনাস্থললৈ মাতি অনা হৈছে।