ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰে যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণত টাটাৰস্তানৰ ৰাজধানী কাজানত অনুষ্ঠিত হ’বলগীয়া ১৬ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিব।
২২-২৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ বাবে ২২ অক্টোবৰত ৰাছিয়ালৈ উৰা মাৰিব নৰেন্দ্ৰ মোদীয়ে।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছৰ সদস্য দেশৰ সমকক্ষ আৰু কাজানলৈ আমন্ত্ৰিত নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে।
ইফালে চীনৰ বৈদেশিক মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে ব্ৰিকছ সন্মিলনত অংশ লোৱাৰ বাবে ৰাষ্ট্ৰপতি ছি জিনপিঙে ২২ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ ৰাছিয়াত উপস্থিত থাকিব।
মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে জনোৱা মতে, তেওঁৰ ভ্ৰমণৰ সময়ত ছি জিনপিঙে নেতাসকলৰ বৈঠক, বিশেষজ্ঞ-নেতাৰ আলোচনা আৰু অন্যান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু নেতাসকলৰ সৈতে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ ওপৰত গভীৰ আলোচনা কৰিব।
অৰ্থাৎ কাজান চহৰত প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিং একেখন মঞ্চতে থাকিব, সেয়ে প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে?
উল্লেখ্য যে চলিত বছৰত প্ৰধানমন্ত্ৰী মোদীৰ এইটো দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ হ’ব। ইয়াৰ পূৰ্বে তেওঁ ৮-৯ জুলাইত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক সন্মিলনৰ বাবে মস্কো ভ্ৰমণ কৰিছিল।