সমগ্ৰ বিশ্বতে বায়ু প্ৰদূষণে লৈছে সংহাৰী ৰূপ। স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য। শীতৰ আৰম্ভণিৰ লগে লগে দেশৰ বিভিন্ন স্থানত বায়ু প্ৰদূষণৰ বিষয়টো চৰ্চালৈ আহিছে।
বিশেষকৈ দেশৰ ৰাজধানী নতুন দিল্লীত বিগত কেইটামান দিনত বায়ু প্ৰদূষণে লৈছে চিন্তনীয় ৰূপ।
ইয়াৰ মাজতে শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰতিবেদনত ভয়ংকৰ তথ্য সদৰী কৰিছে। প্ৰতিবেদনত সংস্থাটোৱে উল্লেখ কৰিছে যে দূষিত বায়ুৱে প্ৰত্যেক বছৰে বিশ্বত প্ৰায় ৮০ লাখ লোকে প্ৰাণ কাঢ়ি নিয়ে।
ইয়াৰোপৰি তথ্য অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে ভাৰতত বায়ু প্ৰদূষণৰ বাবে দৈনিক ৪৬৪টা শিশুৰ মৃত্যু হৈছে।