জ্যেষ্ঠ আই এ এছ বিষয়া ৰাজেশ কুমাৰ সিঙক দেশৰ নতুন প্ৰতিৰক্ষা সচিব হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজেশ কুমাৰ সিঙে ১ নৱেম্বৰত নতুন দিল্লীৰ দক্ষিণ ব্লকত অৱস্থিত প্ৰতিৰক্ষা মন্ত্ৰালয়ত প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে।
তেওঁ ১৯৮৯ চনৰ কেৰেলা কেডাৰৰ আই এ এছ বিষয়া। প্ৰতিৰক্ষা সচিব হোৱাৰ পূৰ্বে তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয়ত বিশেষ অফিচাৰ অন স্পেচিয়েল ডিউটিৰ দায়িত্বত আছিল। চলিত বৰ্ষৰ ২০ আগষ্টত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয়ত প্ৰতিৰক্ষা সচিব হিচাপে এই পদ লাভ কৰিছিল।
১ নৱেম্বৰত দায়িত্ব লোৱাৰ পূৰ্বে ৰাজেশ কুমাৰ সিঙে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধত শ্বহীদ বীৰসকলৰ প্ৰতি মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইযাৰ পিছত তেওঁ কয়, “মাতৃভূমিৰ সেৱাত সৰ্বোচ্চ ত্যাগ কৰা আমাৰ বীৰ জোৱানসকলৰ ওচৰত দেশ সদায় ঋণী হৈ থাকিব। আমাৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব আৰু ত্যাগে ভাৰতক এক সুৰক্ষিত আৰু সমৃদ্ধিশালী জাতি হিচাপে গঢ়ি তোলাৰ শক্তি প্ৰদান কৰে আৰু এই ত্যাগবোৰেই আমাৰ প্ৰেৰণা।”
ৰাজেশ কুমাৰ সিঙে ২০২৩ চনৰ ২৪ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ২০ আগষ্টলৈকে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ সচিবৰ দায়িত্ব পালন কৰি আছিল। ইয়াৰ পূৰ্বে তেওঁ পশুপালন, দুগ্ধ আৰু মীন মন্ত্ৰালয়ৰ পশুপালন আৰু দুগ্ধ বিভাগৰ সচিব আছিল।
নগৰ উন্নয়ন মন্ত্ৰালয়ত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদবী যেনে সঞ্চালক, নগৰ পৰিবহণ, আয়ুক্ত (ভূমি) – ডি ডি এ, যুটীয়া সচিব – পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, যুটীয়া সচিব – কৃষি বিভাগৰ লগতে আন বহুতো পদত অধিষ্ঠিত হৈ আহিছে।
ইয়াৰ উপৰিও তেওঁ ৰাজ্য চৰকাৰৰ অধীনতো কাৰ্যনিৰ্বাহ কৰি আহিছে। ৰাজ্য চৰকাৰৰ নগৰ উন্নয়নৰ সচিব আৰু শেহতীয়াকৈ কেৰালা চৰকাৰৰ বিত্ত সচিব হিচাপেও তেওঁ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আহিছে।